Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নীলবাগানত ৫০ লক্ষ টকা ব্যয়সাপেক্ষে নিৰ্মিত ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ-উদ্ধোধন

মাহমুদ আলী,নীলবাগান ৯ ডিচেম্বৰ  যমুনামুখৰ বিধায়কৰ প্ৰচেষ্টাত বৃহত্তৰ নীলবাগান অঞ্চলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হল আজি৷ বিধায়ক আব্দুৰ ৰহিম আজম...



মাহমুদ আলী,নীলবাগান ৯ ডিচেম্বৰ যমুনামুখৰ বিধায়কৰ প্ৰচেষ্টাত বৃহত্তৰ নীলবাগান অঞ্চলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হল আজি৷ বিধায়ক আব্দুৰ ৰহিম আজমল তৎপৰতাত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ হল ৰাজহুৱা প্ৰেক্ষাগৃহ৷৫০ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত  ৰাজহুৱা প্ৰেক্ষাগৃহখনৰ আজি শুভ উদ্ধোধন কৰা হয়৷আজি আনুষ্ঠানিকভাৱে ৰাজহুৱা প্ৰেক্ষাগৃহখন উদ্ধোধন কৰে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলে৷বিধায়কৰ আনটাইড পুজিৰ জৰিয়তে ৫০ লাখ টকা ব্যয়সাপেক্ষে নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মিত হৈছে এই প্ৰেক্ষাগৃহখন৷ৰাজহুৱা প্ৰেক্ষাগৃহখনে বৃহত্তৰ নীলবাগানৰ লগতে যমুনামুখবাসীৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিছে বুলি মত ব্যক্ত কৰে নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মোহাম্মদ বৰভুঞাই৷


প্ৰেক্ষাগৃহখন উদ্ধোধন উপলক্ষে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভাত আজমলৰ লগতে বিধায়ক আব্দুৰ ৰহিম আজমল, ধিঙৰ বিধায়ক আমিনুল ইছলাম, চম্পক কলিতা, হায়দৰাবাদৰ ইংলিছ হাউচৰ মুখ্য কাৰ্যবাহী বিষয়া মনোৱাৰ জামা সহ কেবা সহস্ৰাধিক লোক উপস্থিত আছিল৷প্ৰেক্ষাগৃহ উদ্ধোধনৰ পিছত সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত সাংসদ আজমলে আজমল ফাউণ্ডেচনৰ প্ৰসংগ উত্থাপন কৰি কয় যে আজমলৰ লগত ৰাজনৈতিক শত্ৰুতাৰ বাবেহে আজমল ফাউণ্ডেচনক টাৰ্গেট কৰা হৈ আছে৷যদি আজমল ফাউণ্ডেচনে কিবা বেয়া কাম কৰিছে ভাৰত চৰকাৰে তদন্ত কৰক৷তদন্ত কৰিলে সকলো সত্য উলাই পৰিব বুলি কয় আজমলে৷

আজমল ফাউণ্ডেচনে কৰা সমাজসেৱা মূলক কাম, দক্ষতা বিকাশ তথা আজমল সুপাৰ ৪০ ৰ সফলতাৰ বাবে ভাৰত চৰকাৰৰ বহু সংস্থাই আজমল ফাউণ্ডেচনক বিভিন্ন বটাৰে সন্মানিত কৰি আহিছে৷ আজমল ফাউণ্ডেচনৰ এক এক টকাৰ হিচাপ আছে আৰু সকলো ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ উচৰত দাখিল কৰা আছে৷ৰাজনৈতিক মুনাফা লবলৈ কাৰোবাৰ সমাজসেৱাক অপমান নকৰিবলৈ আহ্বান জনায় আজমলে৷ইফালে ধিঙৰ বিধায়ক আমিনুল ইছলামেও আজমল ফাউণ্ডেচন সন্দৰ্ভত মন্তব্য কৰি কয় যে জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে আজমল ফাউণ্ডেচনে যিসকল দৰিদ্ৰ শিক্ষাৰ্থীক চিকিৎসক- ইঞ্জিনীয়াৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে, আজমল ফাউণ্ডেচন তথা আজমলক সমালোচনা কৰা সকলে ইয়াৰ এক শতাংশ কাম কৰি দেখুৱাবলৈ সমালোচক সকলক আহ্বান জনায়৷

No comments