Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাৰ্ঘেৰিটাত পশু চিকিৎসালয়ৰ ভূমিত শেনচকু, দুই বিধায়কে স্থাপন কৰিলে ৰাজহুৱা অনুষ্ঠানৰ আধাৰশিলা

গণ বাৰ্তা, মাৰ্ঘেৰিটা, ১৯ ডিচেম্বৰঃ- তিনিচুকীয়া  জিলাৰ মাৰ্ঘেৰিটাত পশু চিকিৎসালয়ৰ ভূমিত একাধিক অনুষ্ঠানে নিজৰ নিজৰ নামফলক আৰি মাটি দখল কৰা...


গণ বাৰ্তা, মাৰ্ঘেৰিটা, ১৯ ডিচেম্বৰঃ- তিনিচুকীয়া  জিলাৰ মাৰ্ঘেৰিটাত পশু চিকিৎসালয়ৰ ভূমিত একাধিক অনুষ্ঠানে নিজৰ নিজৰ নামফলক আৰি মাটি দখল কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, মাৰ্ঘেৰিটা মহকুমা আৰু ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাৱৈ আগবন্ধা গাওস্থিত পশু চিকিৎসা বিভাগৰ গো প্ৰজনন কেন্দ্ৰৰ ভূমিত এই বেদখলৰ ঘটনা সংঘটিত হৈছে৷ গাওখনত ১৯৮৪ চনতেই পশু চিকিৎসা বিভাগে দখলীস্বত্ব লাভ কৰিছিল ৩৮১ নং দাগৰ ১৪ বিঘা ৬ লোচা মাটি৷ কিন্তু বৰ্তমানে হঠাৎ যেন অদৃশ্য হল পশু চিকিৎসা বিভাগটো৷ চিকিৎসালয় খনৰ বিষয়া কৰ্মচাৰী, চিকিৎসকক হয়তু অন্য ঠাইলৈ বদলি কৰা হল৷ চিকিৎসা কেন্দ্ৰৰ ঘৰ দোৱাৰকে আদি কৰি সমস্ত ভূমি এৰাবাৰীত পৰিনত হল৷ ইয়াৰ পিছতে প্ৰায় এসপ্তাহৰ পূৰ্বে ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা উক্ত স্থানত উপস্থিত হৈ আধাৰশিলা স্থাপন কৰে দুটাকৈ অনুষ্ঠানৰ৷ উক্ত ভূমিত দুয়ো বিধায়কে শংকৰদেৱ সংঘ, মাৰ্ঘেৰিটা জিলা শাখাৰ নামঘৰ আৰু শংকৰদেৱ শিশু নিকেতনৰ আধাৰশিলা স্থাপন কৰি ফাণ্ড প্ৰদানৰ কথাও ঘোষনা কৰে৷ আনফালে দুই অনুষ্ঠানৰ সমান্তৰালকৈ চাহ জনজাতি জাতীয় মহাসভা, আগবন্ধা মহিলা সমিতি,  ৰাজহুৱা কৰম মঞ্চ, পূৰ্বাঞ্চল বৌদ্ধ সংঘ আৰু প্ৰতিভা যুৱ সংঘৰ নামতো ইচ্ছামতে এটা এটা প্লট দখল কৰি একাশই নাম ফলক অৰা দেখিবলৈ পোৱা গল৷ এই সন্দৰ্ভত মাৰ্ঘেৰিটাৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উক্ত ভূমিখণ্ড অতি হাস্যকৰ ভাবে চৰনীয়া পথাৰ বুলি মন্তব্য কৰে৷ ৰাইজৰ প্ৰশ্ন পশু চিকিৎসালয়ৰ নামত আৱন্তিত এই ভূমি কেনেকৈ চৰনীয়া পথাৰত পৰিনত হল৷ ১৯৮৪ চনতেই পশু চিকিৎসালয়ৰ গো প্ৰজনন কেন্দ্ৰৰ নামত আগবন্ধা বঙালী গাৱৰ ৩৮১ নং দাগৰ এক অংশ ১৪ বিঘা ৬ লোচা মাটিৰ দখলিস্বত্ব আৰু হস্তান্তৰ সম্পন্ন হৈছিল৷ সেই সময়ত লাট মণ্ডল হিচাবে দিবাকৰ সোনোৱাল আৰু সংহত গো উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাবে ডাঃ পি সন্দিকৈয়ে উক্ত হেণ্ড অভাৰ আৰু টেকেন অভাৰ পত্ৰত স্বাক্ষৰ কৰিছিল৷ তেনে ক্ষেত্ৰত পশু চিকিৎসা বিভাগৰ নামত আৱন্তিত ভূমিত স্বয়ং দুই বিধায়ক উপস্থিত হৈ অন্য অনুষ্ঠানৰ নামত আধাৰশিলা স্থাপন কৰা ঘটনাক সহজভাবে লব পৰা নাই স্থানীয় ৰাইজে৷ এখন ঠাইত স্কুল, নামঘৰ তথা অনুষ্ঠান গঢ় লৈ উঠাতো নিঃসন্দেহে গৌৰৱৰ কথা৷ কিন্তু আন এটা অনুষ্ঠানক ধ্বংস কৰি তাৰ ভূমি বেদখল কৰি নতুন অনুষ্ঠান গঢ় দিয়াতো কিমান যুক্তিসংগত৷ ৰাইজে উক্ত স্থানত পুনৰ পশু চিকিৎসালয় আৰু গো প্ৰজনন কেন্দ্ৰ উজ্জীবিত হোৱাতো কামনা কৰিছে৷ গো ৰক্ষাৰ শ্লগান দিয়া বিজেপি চৰকাৰখনে প্ৰজনন কেন্দ্ৰ বন্ধ কৰি ভূমি দান কৰা বিষয়টো সহজভাবে লব পৰা নাই মাৰ্ঘেৰিটাবাসী ৰাইজে৷


No comments