গণ বাৰ্তা লামডিং ১১ডিচেম্বৰ: ১০ ডিচেম্বৰ দিনটো গোটেই বিশ্বত মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। বৃহস্পতিবাৰে সমগ্র দেশৰ লগতে লামডিংত ও আন্...
গণ বাৰ্তা লামডিং ১১ডিচেম্বৰ: ১০ ডিচেম্বৰ দিনটো গোটেই বিশ্বত মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। বৃহস্পতিবাৰে সমগ্র দেশৰ লগতে লামডিংত ও আন্ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয়। বৃস্পতিবাৰে সন্দিয়া National Anti crime and human right councils of Indiaৰ লামডিং শাখাৰ উদ্যোগত লামডিংত মানৱ অধিকাৰ দিৱস উপলক্ষত সজাগতা সভাৰ আয়োজন কৰা হয়। সভা খনত মূল বক্তব্য আগবঢ়ায লামডিংৰ প্ৰাক্তন বিধায়ক সুশীল দত্ত, আধীবক্তা বিজন দেৱ, চিকিৎসক ৰবি ঘোষ, সাংবাদিক বাপি মালাকাৰ, লামডিং নেচেনেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুদীপ দত্ত , লামডিং মুজদূৰ উনিয়নৰ শ্ৰমিক নেতা তৰুণ চোধুৰী, স্বপন দাস, মধুমীতা দে,আৰু লামডিং আৰ পি এফ ইন্সপেক্টৰ এ শৰ্মা। বৰ্তমান সমাজত মানৱ জাতি সকলে একে লগে সমাজত মানৱ জাতিৰ সেৱা কৰি সমাজত, শিক্ষাৰ অধিকাৰ, বিশুদ্ধ জলবায়ুৰ অধিকাৰ, দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰ, শিশু সকলৰ শৈশৱ শোষণ বিৰুদ্ধে সামাজিক কাম কৰাৰ অধিকাৰ কৰাৰ লগতে ৰাইজক মানৱ অধিকাৰ সম্পর্কত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে বুলি বক্তা সকলে বক্তব্য ৰাখে। অনুষ্ঠানত ডঃ বাবা সাহেব অম্বেদকৰৰ প্ৰতিমূৰ্তি ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনুষ্ঠানত উপস্থিত লামডিংৰ বিশিষ্ট ব্যক্তি সকলে।
No comments