Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত "অন্যজন অন্য কবিতা" শীৰ্ষক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপৰ্টাৰ  যোৰহাট ১৫ ডিচেম্বৰ :  সাম্প্ৰতিক সময়ৰ কেইগৰাকীমান চৰ্চিত কবিৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দায়বদ্ধতাৰে কাব্য চৰ্চা কৰি থকা ...

 


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট ১৫ ডিচেম্বৰ :  সাম্প্ৰতিক সময়ৰ কেইগৰাকীমান চৰ্চিত কবিৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দায়বদ্ধতাৰে কাব্য চৰ্চা কৰি থকা বহুকেইগৰাকী কবিৰ কবিতা একেটা থূলতে ৰাখি সংকলিত কৰা ‘অন্যজন অন্য কবিতা’ সংকলনখন আজি বিয়লি  যোৰহাটত উন্মোচন কৰা হয় । এই উপলক্ষে যোৰহাটৰ 'সংস্কৃতি'ৰ কাৰ্যালয়ত  বিশিষ্ট কবি তথা সু চিকিৎসক প্ৰাঞ্জলজ্যোতি দত্তৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত গ্ৰন্থ খন উন্মোচন কৰে ক্ৰমে কবি মেঘালী গগৈ, পাৰভিজ হুছেইন, ড০ ৰঞ্জিত ভট্টাচাৰ্য , প্ৰাঞ্জল কুমাৰ লাহন আৰু মনোজ নেওগে ।  অজন্ত কুমাৰ বৰাই আঁত ধৰা সভাত বিপুল ৰেগন, মুনমুন সৰকাৰ, অংকুৰ বৰগোহাঞিকে ধৰি বহুকেইগৰাকী কবি উপস্থিত থাকে । উল্লেখ্য যে একে সময়তে সংকলনখন গুৱাহাটী, নগাঁও, মৰিগাঁও, তেজপুৰ, মাজবাট আৰু মংগলদৈতো উন্মোচন কৰা হয়।

No comments