কোইন্সলেণ্ড, ৯ ডিচেম্বৰ ঃ নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা পাকিস্তান ক্ৰিকেট দলটোৰ অৱশেষত কোৰোনাৰ সংকটৰ পৰা মুক্ত হৈছে। দলটোৰ আটাইকেইগৰাকী খেলুৱৈৰ পঞ...
কোইন্সলেণ্ড, ৯ ডিচেম্বৰ ঃ নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা পাকিস্তান ক্ৰিকেট দলটোৰ অৱশেষত কোৰোনাৰ সংকটৰ পৰা মুক্ত হৈছে। দলটোৰ আটাইকেইগৰাকী খেলুৱৈৰ পঞ্চম ৰাউণ্ডৰ কোৰোনা টেষ্টৰ ৰিপৰ্ট নিকেটিভ আহিছে। যাৰ বাবে দলটোৰ আজিৰে পৰা কোৱাৰিণ্টিন পিৰিয়ড অন্ত পৰিছে আৰু পাকিস্তান দলটো এতিয়া কোইন্সলেণ্ড ভ্ৰমণলৈ যাব পাৰিব।কোইন্সলেণ্ড ভ্ৰমণৰ বাবে পাকিস্তান দলটোক নিউজিলেণ্ড ক্ৰীড়া মন্ত্ৰালয়ে অনুমতি প্ৰদান কৰিছে। কোইন্সলেণ্ডত উপস্থিত হৈ দলটোৱে টি-২০ ছিৰিজৰ বাবে অনুশীলন আৰম্ভ কৰিব।
কালিৰ দিনটোলৈ নিউজিলেণ্ডত পাকিস্তানৰ খেলুৱৈক হোটেলৰ বাহিৰ হোৱাৰ অনুমতি দিয়া নাছিল। যাৰ বাবে দলটোৱে ছিৰিজৰ বাবে অনুশীলন কৰিব পৰা নাছিল। উল্লেখ্য যে নিউজিলেণ্ডত উপস্থিত হোৱাৰ পিছত পাকিস্তানৰ কেইবাজনো ক্ৰিকেটাৰ কোৰোনাত আক্ৰান্ত হৈছিল। ইমানেই নহয় দলটোৰ খেলুৱৈয়ে কোৰোনা মহামাৰীৰ নীতি নিৰ্দেশনা কেইবাৰো উলংঘন কৰিছিল। উল্লেখ্য যে ১৮ ডিচেম্বৰৰ পৰা অকলেণ্ডত অনুষ্ঠিত হ’ব তিনিখন মেচৰ টি-২০ ছিৰিজ। ইয়াৰ পিছত দুয়োটা দলৰ মাজত দুখন মেচৰ টেষ্ট ছিৰিজ আৰম্ভ হ’ব। টেষ্ট ছিৰিজ ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।
No comments