Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঐতিহাসিক বেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড সাক্ষী হৈ ৰ'ল ভাৰত-অষ্ট্ৰেলিয়াৰ ১০০সংখ্যক টেষ্টৰ

মেলবৰ্ণ, ২৬ ডিচেম্বৰ: ঐতিহাসিক মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ১০০সংখ্যক টেষ্টৰ সাক্ষী হৈ ৰ'ল। শনিবাৰে আৰম্...


মেলবৰ্ণ, ২৬ ডিচেম্বৰ: ঐতিহাসিক মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ১০০সংখ্যক টেষ্টৰ সাক্ষী হৈ ৰ'ল। শনিবাৰে আৰম্ভ হোৱা  ভাৰত-অষ্ট্ৰেলিয়াৰ বক্সিং দিবা টেষ্ট সদায় স্মৰণীয় হৈ ৰ'ল। এক স্মৃতিক সদায় ধৰি ৰাখিব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এতিয়ালৈ মুঠ ৯৯খন টেষ্ট অনুষ্ঠিত হৈ গৈছে। ইয়াৰে ৪৩খনত অষ্ট্ৰেলিয়াই জয় লাভ কৰাৰ বিপৰীতে ২৮খনত ভাৰতে জয় লাভ কৰে। দুয়োটা দলৰ মাজত এখন মেচ টাই হোৱাৰ বিপৰীতে ২৭খন ড্ৰ' হয়। এই দুয়োটা দলৰ মাজত ক্ৰিকেটৰ যাত্ৰা ১৯৪৭ চনৰ পৰা আৰম্ভ হয়। ভাৰতে অষ্ট্ৰেলিয়া ভ্ৰমণৰে এই যাত্ৰা আৰম্ভ কৰিছিল। পাঁচখন মেচৰ এই ছিৰিজত অষ্ট্ৰেলিয়াই ৪-০ৰে জয় লাভ কৰিছিল। ১৯৪৭ৰ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই ছিৰিজ ১৯৪৮ৰ ২০ ফেব্ৰুৱাৰীত অন্ত পৰে। স্বাধীন ভাৰতৰ ক্ৰিকেট দল প্ৰথমবাৰলৈ বিদেশ ভ্রমণলৈ গৈছিল। য'ত দলৰ নেতৃত্বত আছিল লাল অমৰনাথৰ হাতত। আনহাতে অষ্ট্ৰেলিয়া দলৰ অধিনায়কৰূপে আছিল বিশ্বৰ মহান ক্ৰিকেটাৰ ডোনাল্ড ব্ৰেডমেন। এই ছিৰিজত ব্ৰেডমেনে ৭১৫ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ হৈ বিজয় হজাৰেয়ে সৰ্বাধিক ৪২৯ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত ১৯৫৬-৫৭ত অষ্ট্ৰেলিয়া প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণলৈ আহিছিল। দুয়োটা দলৰ মাজত তিনিখন মেচৰ ছিৰিজ আয়োজন হৈছিল। য'ত অষ্ট্ৰেলিয়াই ২-০ৰে জয় লাভ কৰিছিল। ১৯৫৯-৬০ত পুনৰ এবাৰ অষ্ট্ৰেলিয়া দলটো ভাৰত ভ্ৰমণলৈ আহে আৰু ঘৰুৱা দলটোৰ বিৰুদ্ধে পাঁচখন মেচৰ ছিৰিজ খেলে। এই ছিৰিজত ভাৰতে ২-১ৰ ব্যৱধানত জয় লাভ কৰে। এই ছিৰিজ ভাৰতৰ বাবে এক বিশেষ বিশেষত্ব আছে। কিয়নো ভাৰতে প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট ছিৰিজ দখল কৰিছিল। ইয়াৰ পিছত অষ্ট্ৰেলিয়া দলটো পুনৰ এবাৰ ১৯৬৪-৬৫ত ভাৰত ভ্ৰমণলৈ আহে। য'ত দুয়োটা দলে তিনিখন মেচৰ ছিৰিজ খেলে। যি ছিৰিজ ১-১ৰে ড্ৰ হয়। ১৯৭৯-৮০ চনতো ভাৰতৰ বাবে বিশেষ আছিল। কিয়নো এই সময়তে সুনীল গাভাস্কৰৰ নেতৃত্বত ঘৰুৱা ভূমিত ছয়খন মেচৰ ছিৰিজ ভাৰতে ২-০ৰে দখল কৰিছিল। ১৯৯৬-৯৭ত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ'বলগীয়া টেষ্ট ছিৰিজক বৰ্ডাৰ-গাভাস্কৰ ট্ৰফীৰ নাম দিয়া হয়। সুনীল গাভাস্কৰ আৰু এলন বৰ্ডাৰ দুয়োটা দলৰ মহান খেলুৱৈ আৰু অধিনায়ক আছিল। গাভাস্কৰৰ নেতৃত্বত ভাৰতে নিজৰ ভূমিত অষ্ট্ৰেলিয়াক ১৯৭৯-৮০ত পৰাস্ত কৰিবলৈ সক্ষম হয় যদিও অষ্ট্ৰেলিয়াৰ ভূমিত ঘৰুৱা দলটোক প্ৰথম টেষ্ট ছিৰিজত পৰাস্ত কৰিবলৈ আৰু ৩৮বছৰৰ প্ৰয়োজন হৈছিল। কিয়নো ২০১৮ত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে অষ্ট্ৰেলিয়াৰ ভূমিত ঘৰুৱা দলটোক চাৰিখন মেচৰ টেষ্ট ছিৰিজত ২-১ৰে পৰাস্ত কৰিছিল। যিটো ভাৰতৰ বাবে আছিল এক ইতিহাস।

No comments