Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাৰায়ণপুৰত ঠিকাদাৰ ৰূপী বিজেপি নেতাৰ দৌৰাত্ম্য

  গণবাৰ্তা, নাৰায়ণপুৰ, ১৯ ডিচেম্বৰ:  দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহণশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ দিন...

 


গণবাৰ্তা, নাৰায়ণপুৰ, ১৯ ডিচেম্বৰ: দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহণশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ দিনতেই ৰাজ্যখনত সংঘটিত হৈছে কেতবোৰ ভয়ানক দুৰ্নীতি তথা অনিয়ম।


নাৰায়ণপুৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত জালভৰীয়া গাঁৱত বিগত ফেব্ৰুৱাৰী মাহতেই স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই আধাৰশিলা কৰি এটা সাংস্কৃতিক ভৱনৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত সেই ভৱনটিৰ কাম সম্পূৰ্ণ নোহোৱাক লৈ ক্ষোভত ফাটি পৰিছে জালভৰীয়াৰ ৰাইজ।

অসম চৰকাৰৰ অনুসূচীত জাতি উন্নয়ন সঞ্চালকালয়ৰ দ্বাৰা আৱন্টিত ২৯ লাখ টকাৰ সাংস্কৃতিক ভৱনটিৰ সামান্য কাম কৰিয়েই ঠিকাদাৰ যুগল কিশোৰ বনিয়াই ১৯ লাখ টকা আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

নিজকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি দাবী কৰা স্বয়ম্ভু নেতা তথা ঠিকাদাৰ গৰাকীয়ে নাৰায়ণপুৰৰ জালভৰীয়াৰ ৰাইজক কৰা এনে প্ৰতাৰণাৰ বাবে উচিত শাস্তি বিহাৰো দাবী কৰিছে।

স্থানীয় ৰাইজে বিগত সময়ত বিধায়ক,উপায়ুক্তক বহুবাৰ আবেদন-নিবেদন কৰিও গা  ল'ৰাব পৰা নাই ছিপাঝাৰৰ এইজন বিজেপি নেতাৰ । কেৱল নিজ খেয়াল খুচি মতেই কৰি আহিছে সকলোবোৰ কাম।

সেয়ে ৰাইজ উপায়হীন। কামৰ সম্পৰ্কৰ স্থানীয় ৰাইজে ঠিকাদাৰ গৰাকীক যোগাযোগ কৰিলেও মুখ্যমন্ত্ৰী -বৃত্ত মন্ত্ৰীৰ ঘনিষ্ঠ বুলি ওলোটাই দাবী-ধমকি দিয়াৰহে অভিযোগ ৰাইজৰ।

এতিয়া প্ৰশ্ন হয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহণশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি দাবী কৰা এইগৰাকী ঠিকাদাৰ ৰূপী বিজেপি নেতাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'বনে ?

No comments