Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে পাব সম অধিকাৰঃ চিৰাঙত প্ৰাক্তন বিদ্ৰোহী নেতা ফেৰেংগাৰ সংবাদ মেল

সঞ্জয় সৰকাৰ, কাজলগাঁও, ৪ ডিচেম্বৰ ঃ সম্প্ৰতি বিটিচি এলেকাত বিটিআৰ চুক্তিৰ ৭.২ দফা সন্দৰ্ভত বিপিএফ দলে সভাই-সমিতিয়ে অজনজাতীয় লোকসকলৰ বাবে হান...

সঞ্জয় সৰকাৰ, কাজলগাঁও, ৪ ডিচেম্বৰ ঃ সম্প্ৰতি বিটিচি এলেকাত বিটিআৰ চুক্তিৰ ৭.২ দফা সন্দৰ্ভত বিপিএফ দলে সভাই-সমিতিয়ে অজনজাতীয় লোকসকলৰ বাবে হানিকাৰক বুলি কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বিটিআৰ চুক্তি স্বাক্ষৰকাৰীৰ অন্যতম সদস্য, প্ৰাক্তন এনডিএফবিৰ সাধাৰণ সম্পাদক তথা ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই। আজি চিৰাংদুৱাৰ সমষ্টিৰ অন্তৰ্গত শান্তিপুৰ দলীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত নেতাগৰাকীয়ে কয় যে চুক্তিখনত তেনেধৰণৰ কোনো ধাৰা সন্নিৱিষ্ট নাই, যিটোৱে বিটিআৰ অঞ্চলত বসবাস কৰা অজনজাতি লোকৰ ক্ষতি কৰিব। দৰাচলতে বিপিএফ দলে মাটিৰ নাম লৈ ৰাইজৰ মাজত বিভ্ৰান্তি আনিবলৈহে চেষ্টা কৰি আছে। 

 আগন্তুক নিৰ্বাচনত ইউপিপিএল দল ক্ষমতাত আহিলে ৭:২ দফাৰ যোগেদি অজনজাতি লোকক খেদিব বুলি বিপিএফে গাঁৱে গাঁৱে গৈ ভয়-ভাবুকি দিছে বুলি উল্লেখ কৰি প্ৰাৰ্থীগৰাকীয়ে বিপিএফৰ উক্ত মন্তব্য একেবাৰে যুক্তিহীন বুলি কয়। তেওঁ লগতে চুক্তিত তেনে কোনো কথা লিপিবদ্ধ নাই বুলি স্পষ্ট কৰে। এনডিএফবিৰ প্ৰাক্তন  সাধাৰণ সম্পাদকগৰাকীয়ে উক্ত দফা সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে চৰকাৰী খাচ ভূমি, চৰণীয়া পথাৰ আৰু নদীৰ খহনীয়াত উছন হৈ থকা ভূমিবোৰক অবৈধ দখলদাৰীৰ পৰা সংৰক্ষণ কৰা হ’ব।  উক্ত দফা ৰূপায়ণৰ দায়িত্ব অসম চৰকাৰৰ ওচৰতহে থাকিব। ইয়াত বড়ো-অনাবড়ো বুলি কোনো কথা উল্লেখ নাই। কিন্তু বিপিএফ দলে উক্ত দফাৰ অপব্যাখ্যা কৰি ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে অপপ্ৰচাৰ চলাইছে । ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ বিটিচি চুক্তি স্বাক্ষৰৰ আগৰ পৰা বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ দিয়াৰ লগতে উত্তৰাধিকাৰীসকলে নিজৰ পিতৃৰ নামৰ মাটি নিজৰ নামত কৰিব পাৰিব বুলি উল্লেখ থকা সত্ত্বেও  ২০১৩ চনৰ পিছত কিয় মাটি বিপিএফ চৰকাৰে তেওঁলোকৰ উত্তৰাধিকাৰীৰ নামত ট্ৰেন্সফাৰ কৰাৰ ব্যৱস্থা কৰা নাই বুলি বিপিএফক প্ৰশ্ন উত্থাপন কৰে।

 বিগত ১৭ বছৰে বিপিএফে বিটিচিবাসীক শোষণ কৰিছিল আৰু বৰ্তমানে বিপিএফৰ ভয় ভাবৰ মাজৰ পৰা সকলো জাতিৰ ৰাইজে ওলাই অহাৰ সময়ত বিফিএফ দলে ভূমিনীতিক লৈ চলোৱা অপব্যাখ্যা মুঠেই গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি প্ৰাৰ্থীগৰাকীয়ে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ অঞ্চলৰ সকলো জাতি-গোষ্ঠীৰ লোকে সম-অধিকাৰ  পাব বুলি স্পষ্ট কৰে। নিকা ভাবমূৰ্তি থকা ব্যক্তি প্ৰমোদ বড়োৰ নেতৃত্বত শান্তি আৰু বিকাশৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহাৰ সময়ত বিপিএফে অপবাদ লগোৱাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ পৰৱৰ্তী ইউপিপিএলৰ চৰকাৰ গঠনৰ ছয় মাহৰ ভিতৰত বড়োলেণ্ডত ভূমিনীতি আনি ভূমিহীনক ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। উক্ত সংবাদমেলত বিটিআৰ ভোজপুৰী সমাজৰ সাধাৰণ সম্পাদক জ্যোতি প্ৰভাত সিং, ১৪ নং চিৰাং দুৱাৰ ব্লক কমিটীৰ অধ্যক্ষ নকুল গয়াৰী তথা শান্তিপুৰ প্ৰাইমাৰী সমিতিৰ আহ্বায়ক সুনীল বসুমতাৰীও উপস্থিত থাকে।

No comments