Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কলাইগাঁৱত দুখীয়া মহিলা সবলীকৰণৰ সজাগতা সভা সমাজ উন্নয়ন সমিতিৰ

  গনবাৰ্তা, কলাইগাঁও,৩১ ডিচেম্বৰ: ওদালগুৰি জিলাৰ ২নং কলাইগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সমাজ উন্নয়ন সমিতিৰ উদ্যোগত অসম ৰাজ্যিক সমাজ কল্য...

 


গনবাৰ্তা, কলাইগাঁও,৩১ ডিচেম্বৰ: ওদালগুৰি জিলাৰ ২নং কলাইগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সমাজ উন্নয়ন সমিতিৰ উদ্যোগত অসম ৰাজ্যিক সমাজ কল্যাণ বৰ্ডৰ সৌজন্যত কালি বোক্ৰাঝাৰ বাগিছাস্থিত শ্ৰীশ্ৰী বাসুদেৱ মন্দিৰ সভাগৃহত গ্ৰাম্য দুখীয়া মহিলা সবলীকৰণ সন্দৰ্ভত সজাগতা সভা এখন অনুষ্ঠিত কৰা হয়। গ্ৰামাঞ্চলৰ মহিলা সকলৰ সামগ্ৰিক বিকাশৰ লক্ষৰে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজিত সভাখনত শতাধিক মহিলাই অংশগ্ৰহণ কৰে। এই উপলক্ষে বাসুদেৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কনক চন্দ্ৰ বড়াই বন্তি প্ৰজ্বলন আৰু পৌৰোহিত্য কৰা সজাগতা সভাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি মঙলদৈ উকীল সন্থাৰ অধিবক্তা দীপামণি দাসে পৰিয়ালৰ মূল চালিকা শক্তি মহিলা সকলে ভোগ কৰি অহা যৌতুকজনিত নিৰ্যাতন এটা সামাজিক অপৰাধ বুলি মন্তব্য কৰি যৌতুক দিয়া আৰু লোৱা সমানে অপৰাধ বুলি মন্তব্য কৰে। এনে কু-প্ৰথা সমূহ বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আইনত কেনেধৰণৰ শাস্তিৰ বিধান আছে তাৰ ওপৰত আলোকপাত কৰে। অধিবক্তা গৰাকীয়ে মহিলা সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰ বিভিন্ন ধাৰা সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায়। ইপিনে কলাইগাঁও স্নাতক মহাবিদ্যালয়ৰ প্ৰবক্তা দীপাঞ্জলী চহৰীয়াই শৈক্ষিক দিশৰ ওপৰত আলোকপাত কৰি লিংগ বৈষম্য দূৰ কৰি মহিলা সবলীকৰণৰ বাবে সামাজিক আৰু ৰাজনৈতিকভাৱে স্বাৱলম্বী হৈ কেনেকৈ সমাজত মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিব পাৰি তাৰ ওপৰত পৰামৰ্শ আগবঢ়ায়। তেওঁ ল'ৰা-ছোৱালীক উপযুক্ত ভাৱে পঢ়া-শুণা কৰাবলৈ সক্ষম হলেহে মানৱ সম্পদ বিকাশ হব বুলি কয়। সমাজকৰ্মী ইক্ৰামূল হুছেইনে সমল ব্যক্তিৰ ভাষণত পৰিয়াল তথা সুস্থ সামাজিক পৰিবেশ গঢ়াৰ ক্ষেত্ৰত মহিলা সকলে গ্ৰহণ কৰা ভূমিকাৰ ওপৰত আলোকপাত কৰি সমাজৰ সামগ্ৰিক বিকাশত মহিলা সকলক অহোপুৰুষাৰ্থ কৰিবলৈ আহবান জনায়।

জনস্বাস্থ্য কাৰিকৰী বিভাগ কলাইগাঁও সংমণ্ডলৰ অভিযন্তা হৰেশ্বৰ বৰদলৈ আৰু পানী বিশেষজ্ঞ মনোজ মিশ্ৰই বিভাগটোৰ জড়িয়তে ৰূপায়ণ কৰা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে সদৰী কৰি জনসাধাৰণক বিশুদ্ধ খোৱা পানী সেৱন কৰি সু-স্বাস্থ্যৰ অধিকাৰী হ'বলৈ আহবান জনায়। কলাইগাঁও সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিদৰ্শিকা পাৰুল ৰাভাই শিশু আৰু মহিলা সকলক সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হবলৈ সমাজ কল্যাণ বিভাগে ৰূপায়ণ কৰা বিভিন্ন অভিলাখী আঁচনি সমূহ গ্ৰহণ কৰিবলৈ আহবান জনায়। উল্লেখ্য যে সমাজ উন্নয়ন সমিতিৰ সভাপতি প্ৰসন্ন শৰ্মাই আঁত ধৰা সজাগতা সভাখনত সম্পাদক উদয় চহৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমানন্দ বড়া আৰু কলাইগাঁও প্ৰেছ ক্লাৱৰ সভাপতি টংকেশ্বৰ বৰুৱাকে ধৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

No comments