Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগাঁৱত চুৰি সামগ্ৰী সহ আঠ গভাইত চোৰক গ্ৰেপ্তাৰ : বহু চুৰি সামগ্ৰী জব্দ

ষ্টাফ ৰিপ'ৰ্টাৰ,  নগাঁও, ১০ ডিচেম্বৰ : নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই চহৰখনৰ সমীপৰ কাতিমাৰী আৰু চলচলি এলেকাৰ পৰা মুঠ...



ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১০ ডিচেম্বৰ : নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই চহৰখনৰ সমীপৰ কাতিমাৰী আৰু চলচলি এলেকাৰ পৰা মুঠ আঠজন গভাইত চোৰকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰ কেইটা হ'ল নজৰুল হক, বাবুল আলী, ছাইফুল ইছলাম, মজিবুৰ ৰহমান, ৰমজান আলী, ইজাজুল হক, মফিজুল আলী আৰু বাহাৰুল ভূঞা। উল্লেখ্য যে কিছুদিন পূৰ্বে নগাঁও জিলা অনুসুচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেনীৰ বাবে আবন্টিত জোতা, প্ৰেচাৰ কুকাৰ, চিলাই মেচিন, লেপটপ সহ বিভিন্ন সামগ্ৰী থকা হয়বৰগাঁওস্থ  গুদামৰ পৰা ইয়াৰে কেতবোৰ সামগ্ৰী চুৰি হৈছিল। এই সন্দৰ্ভত হয়বৰগাঁও আৰক্ষী চকীত ৰুজু হোৱা গোচৰৰ ভিত্তিত কালি অভিযান চলাই প্ৰথমে কাতিমাৰীৰ পৰা নজৰুল হক নামৰ চোৰটোক আটক কৰিছিল। পিছত ধৃত হকৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আজি আন সাতটা চোৰক বিভিন্ন স্থানৰ পৰা আটক কৰে। আৰক্ষীয়ে ধৃৃৃত চোৰ কেইটাৰ পৰা লেপটপ, চিলাই মেচিন, পেছাৰ কুকাৰ সহ বিভিন্ন সামগ্ৰী জব্দ কৰে। মনকৰিবলগীয়া যে এই চোৰৰ দলটোৱে বিভিন্ন সময়ত গুদামটোৰ ৰখীয়াক মেনেজ কৰি অলপ অলপকৈ চৰকাৰী ভাবে আবন্টিত সামগ্ৰী সমুহ চুৰি কৰি নিছিল বুলি আৰক্ষীৰ আগত ধৃত চোৰ কেইকেটাই উল্লেখ কৰিছে। মুলত অনুসুচিত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ নগাঁও জিলা কাৰ্যালয়ৰ একাংশ বিষয়ববীয়াৰ দায়িত্বহীন কাণ্ডৰ বাবেই এইদৰে চোৰে দীৰ্ঘদিন ধৰি চৰকাৰী অনুদানৰ সামগ্ৰী সমুহ চোৰে এপদ দুপদকে চুৰি কৰি নিবলৈ সক্ষম হৈছিল বুলি অভিযোগ উঠিছে।

No comments