Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইত সাহিত্য সভাৰ তিনি কাৰ্যসূচী ৰূপায়ন

ছাদিকুজ জামান মোৰাঝাৰ ২৭ ডিচেম্বৰ : আজি হোজাই শাখা সাহিত্য সভাৰ ডঃ বাণীকান্ত কাকতি ক্ষেত্ৰৰ ৰূপকোঁৱৰ কলা ভৱনত সাহিত্য সভাত তিনিটা কাৰ্যসূচী ...


ছাদিকুজ জামান মোৰাঝাৰ ২৭ ডিচেম্বৰ : আজি হোজাই শাখা সাহিত্য সভাৰ ডঃ বাণীকান্ত কাকতি ক্ষেত্ৰৰ ৰূপকোঁৱৰ কলা ভৱনত সাহিত্য সভাত তিনিটা কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই তিনি কাৰ্যসূচীৰ বাবে আজি দিনৰ এঘাৰ বজাত সভাৰ পতাকা উত্তোলন কৰে হোজাই সাহিত্য সভাৰ সভাপতি ডাঃ সমচুল হকে । ইয়াৰ পিছত স্মৃতি তৰ্পন অনুষ্ঠান অনুষ্ঠিত হয় ৷এই অনুষ্ঠান আৰম্ভ কৰে জিলা সাহিত্য সভাৰ উপ সভাপতি পদ্মকান্ত নাথে। আজি দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে অসম সাহিত্য সভাৰ এশ চৌধ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে এক আলোচনা চক্ৰৰ আয়োজন কৰা হয় । হোজাই জিলা সাহিত্য সভাৰ সভাপতি ডঃ গুণেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সাহিত্য সভাৰ উপদেষ্টা সাহিত্যিক ডঃ সাৰদানন্দ দেৱগোস্বামী, জিলাৰ উপ সভাপতি পদ্মকান্ত নাথ আদিয়ে অসম সাহিত্য সভাৰ জন্ম আৰু ইয়াৰ ক্ৰমবিকাশৰ সন্দৰ্ভত বিস্তাৰ ভাবে ব্যাখ্যা কৰে । অনুষ্টুপিয়াকৈ অনুস্থিত সভাখনৰ পিছত প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি দিৱস উদযাপন কৰা হয় । এই স্মৃতি দিৱসৰ আৰম্ভণিতে প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে হোজাইৰ লংকাৰ সু গায়িকা বিন্দিয়া  কৌৰে । ইয়াৰ পিছত জিলাৰ বিভিন্ন শাখাৰ উপৰিও জিলা সাহিত্য সভাৰ সভাপতি ডঃ গুণেশ্বৰ শইকীয়া, আকাশ উপ সমিতিৰ উপ সভানেত্ৰী কবি কল্পনা দেৱী গোস্বামীয়ে পুষ্পঞ্জলি অৰ্পণ কৰে । এই স্মৃতি দিৱস উপলক্ষে জিলা খনৰ  বিভিন্ন প্ৰান্তৰ শিল্পী সকলে গোৱালপৰীয়া লোকগীত, স্বৰচিত কবিতা,পদ্মশ্ৰী গায়িকা গৰাকীৰ জীৱন আলেক্ষ্য পাঠ কৰাৰ লগতে শিশু শিল্পী দৰ্শিতা শৰ্মাই নৃত্য পৰিবেশন কৰে । জিলা সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে পৰিচালনা কৰা এই অনুষ্ঠানৰ পিছত হোজাই শাখা সাহিত্য সভাৰ নিয়মীয়া সাহিত্য পাঠ অনুষ্ঠান অনুষ্ঠিত হয় । এই সাহিত্য পাঠ অনুষ্ঠানত সভাৰ বিভিন্ন সদস্যই স্বৰচিত কবিতা, গল্প আদি পাঠ কৰে ।

No comments