Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শ্বহীদ দীপাঞ্জল দাসৰ মৃত্যুৰ ভূল তথ্য চৰকাৰে বিধান সভাত দাখিল কৰিছে :: বিধায়ক ৰেকিবুদ্দিন আহমেদ

  গণ বাৰ্তা, ছয়গাঁও, ১৩ ডিচেম্বৰ : "দীপাঞ্জল দাসৰ  হত্যাৰ বিচাৰ হবই লাগিব । বিধান সভাত চৰকাৰে ভূল তথ্য দাখিল কৰিছে। দীপাঞ্জল দাসৰ লগত হ...

 


গণ বাৰ্তা, ছয়গাঁও, ১৩ ডিচেম্বৰ : "দীপাঞ্জল দাসৰ  হত্যাৰ বিচাৰ হবই লাগিব । বিধান সভাত চৰকাৰে ভূল তথ্য দাখিল কৰিছে। দীপাঞ্জল দাসৰ লগত হোৱা অন্যায়   অসমৰ ৰাইজে কেতিয়াও সহ্য নকৰে "।  এই মন্তব্য ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।  বিধায়ক গৰাকীয়ে যোৱা নিশা ছয়গাঁৱৰ দলৈপাৰাত  কা বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ প্ৰথম বাৰ্ষিক মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰদৰ্শন কৰা পূৰ্ণাংগ নাটৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিছিল। বিধায়ক গৰাকীয়ে শ্বহীদ গৰাকীৰ পৰিয়ালৰ বাসভৱনটো নতুনকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা লোৱাৰ লগতে দলৈপাৰালৈ যোৱা দুটি পথ উন্নতকৰণৰ কাম হাতত লোৱা বুলিও জানিবলৈ দিয়ে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ কামৰূপ জিলাৰ ছয়গাঁৱৰ দলৈপাৰা নিবাসী খগেন দাসৰ পুত্ৰ দীপাঞ্জল দাসৰ যোৱা কালি প্ৰথম মৃত্যবাৰ্ষিকী দলৈপাৰা ৰাইজ গয়ৰহ আৰু ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দলৈপাৰা সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে । "কা" বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে শংকৰদেৱ পুথিভৰালৰ  সহযোগত যোৱা কালি নিশা "সপোন এজাক ধুমুহা" নামৰ পূৰ্নাংগ নাটখন স্থানীয় শিল্পীসকলৰ দ্বাৰা দলৈপাৰা গোসাঁইঘৰ প্ৰাংগণত মঞ্চস্থ কৰে । ন‍াটখনি মঞ্চস্থ কৰাৰ আগমূহুৰ্তত বন্তি প্ৰজ্বলন কৰে ছয়গাঁৱৰ বিশিষ্ট সমাজকৰ্মী দেৱজিৎ কলিতাই  ।  এই অনুষ্ঠানত কেবাগৰাকী কৃতী ছাত্ৰ ছাত্ৰীৰ লগতে কেবাগৰাকীও শিল্পীক সম্বৰ্ধনা জনায়। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহঃ সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকো অনুষ্ঠানত উপস্হিত থাকি শ্বহীদৰ তেজ কেতিয়াও অথলে যাব নিদিয়ে বুলি মন্তব্য কৰে । নাট মঞ্চস্থ কৰাৰ আগমূহুৰ্তত অনুষ্ঠিত হোৱা সভাখনত  শ্বহীদ দীপাঞ্জল দাসৰ পিতৃ খগেন দাস, মাতৃ কবিতা দাস, দলৈপাৰা ৰাইজ গয়ৰহৰ সভাপতি বিমল শালৈ, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাস, সম্পাদক শচীন দাসৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments