গণ বাৰ্তা, চেঙা ,২৩ ডিচেম্বৰ: বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মধ্য কামৰূপ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি, শৈক্ষিক উন্নয়ন, আঞ্চল...
গণ বাৰ্তা, চেঙা ,২৩ ডিচেম্বৰ: বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মধ্য কামৰূপ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি, শৈক্ষিক উন্নয়ন, আঞ্চলিক উন্নয়ন আদি সন্দৰ্ভত আজি বিয়লি বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ স'তে উপায়ুক্তৰ কাৰ্যালয়ত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মাই চেলেং চাদৰ আৰু উপাধ্যক্ষ ড৹ হৰেন্দ্ৰনাথ তালুকদাৰে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। বৈঠকখনত মহাবিদ্যালয়খনৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন দিশৰ ওপৰত পৰ্যালোচনা কৰা হয় বুলি জানিব পৰা গৈছে। উপায়ুক্তৰ স'তে হোৱা এই অন্তৰংগ আলোচনাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মাৰ লগতে উপাধ্যক্ষ ড৹ হৰেন্দ্ৰনাথ তালুকদাৰ, অতিৰিক্ত উপায়ুক্তদ্বয় সব্যসাচী কাশ্যপ আৰু নৱজিৎ পাঠকো উপস্থিত থাকে। বৈঠকত হোৱা আলোচনা মৰ্মে উপায়ুক্তগৰাকীয়ে মহাবিদ্যালয়খনৰ উন্নয়ন সন্দৰ্ভত দিয়া আশ্বাসে মহাবিদ্যালয়খনৰ লগতে বৃহত্তৰ চেঙা- বহৰি অঞ্চলক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী মহাবিদ্যালয় কৰ্তৃপক্ষ ।
No comments