Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশিষ্ট সমাজ কৰ্মী, ব্যৱসায়ী আব্দুল হাচিবৰ বিয়োগত শোকস্তব্ধ হোজাই

গণ বাৰ্তা, হোজাই, ৮ ডিচেম্বৰ :  হোজাই জিলাৰ হোজাই নগৰৰ সমীপৱৰ্তী গোপাল নগৰৰ বাসিন্দা আব্দুল হাচিব (৬৯)ৰ কালি মৃত্যু হয়। ১৯৫২ চনত হোজাইৰ গোপা...



গণ বাৰ্তা, হোজাই, ৮ ডিচেম্বৰ :  হোজাই জিলাৰ হোজাই নগৰৰ সমীপৱৰ্তী গোপাল নগৰৰ বাসিন্দা আব্দুল হাচিব (৬৯)ৰ কালি মৃত্যু হয়। ১৯৫২ চনত হোজাইৰ গোপাল নগৰত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম হাজী তৈয়ব আলী। স্থানীয় প্ৰাথমিক বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি ১৯৬৫ চনৰ পৰা ১৯৬৯ চনলৈ হোজাইৰ আব্দুল হাচিব হাইস্কুলত অধ্যয়ন কৰি ১৯৭০-৭১ বৰ্ষত মেঘালয়ৰ শ্বিলংস্থিত চেণ্ট এণ্টনি কলেজত স্নাতক ডিগ্ৰীত অধ্যয়ন কৰিছিল। শিক্ষা জীৱন সমাপ্ত কৰি তেওঁ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে। সমানে তেওঁ সমাজ সেৱা, সক্ৰিয় ৰাজনীতিতো যোগ দিয়ে। তেওঁ সংযুক্ত সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক, এআইইউডিএফ দলৰ সাধাৰণ সম্পাদককে ধৰি বহু কেইটা ৰাজনৈতিক দলৰ সৈতে জড়িত হৈছিল। তেওঁ হোজাইৰ বহু কেইটা সামাজিক সংগঠনৰ সৈতেও জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁ দুগৰাকী কন্যা আৰু এগৰাকী পুত্ৰসহ অগণন গুণমুগ্ধক ইহ সংসাৰত থৈ যায়। তেওঁৰ মৃত্যুত সমগ্ৰ হোজাই জিলাত শোকৰ ছাঁ বিৰাজ কৰিছে।

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আনফৰ চাহাব, জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, হোজাইৰ বিশিষ্ট সমাজকৰ্মী ফাইজুল হক, নৱাজ উদ্দিন আহমেদ, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমান, সাধাৰণ  সম্পাদক ছাহজাহান তালুকদাৰ, মৰ্কজুল মাৰিফৰ সভাপতি ড০ ছামচুল হক চৌধুৰী, সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ, আজমল ফাউণ্ডেচনৰ সঞ্চালক ড০ খচৰুল ইছলাম, নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভূঞা, ব্যৱসায়ী আনোৱাৰ হুছেইনকে ধৰি বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে।

 তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম কবি চক্ৰৰ সভাপতি তথা ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ হাছিনুচ চুলতানে কয় — হোজাইৰ বিশিষ্ট সমাজকৰ্মী আব্দুল হাচিবৰ আকস্মিক বিয়োগৰ খবৰে মৰ্মাহত কৰিলে। তেওঁৰ উদাৰ প্ৰগতিশীল চিন্তা-চৰ্চা আৰু সবল কণ্ঠই আকৰ্ষিত কৰিছিল । লগ পালেই ৰবীন্দ্ৰ-নজৰুল-সুকান্তৰ কবিতা আওৰাই মুগ্ধ কৰা শিল্পীপ্ৰাণ ব্যক্তিগৰাকী সদায়ে মানুহৰ হৃদয়ত জীয়াই থাকিব বুলি ডঃ চুলতানে কয়। আজি দিনৰ তিনি বাজি ত্ৰিছ মিনিটত এক শোকাকুল পৰিৱেশত জানাজাৰ নামাজ সম্পন্ন কৰি গোপালনগৰ কবৰস্থানত সমাধিস্থ কৰা হয়।

No comments