Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত অসম দিৱসত স্বৰ্গদেউ ছ্যুকাফাক স্মৰণ

ম'হবন্ধাৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ পৰা পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট ,২ ডিচেম্বৰ :   বৰ অসমৰ ভেটি গঢ়োতা চাওলুং ছ্যু- ক...



ম'হবন্ধাৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ পৰা পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট ,২ ডিচেম্বৰ :   বৰ অসমৰ ভেটি গঢ়োতা চাওলুং ছ্যু- কা-ফা দিৱস সমগ্ৰ অসমৰ লগতে যোৰহাটতো আজি পালন কৰা হয় । যোৰহাট জিলা তাই আহোম ছাত্ৰ সন্হাৰ  সৌজন্যত আৰু স্হানীয় ৰাইজৰ সহযোগত যোৰহাটৰ ম'হবন্ধাস্থিত চাওলুং ছ্যু-কা-ফা সমন্বয় ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত  প্ৰথমে স্বৰ্গদেউগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ,পতাকা উত্তোলনৰ পিছতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই ফুৰালুং আৰম্ভ হয়। অনুষ্ঠানত যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই, দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোঁহাই, মাহেকীয়া আলোচনী "দিগদৰ্শন"ৰ সম্পাদক পংকজ কুমাৰ দাস,যুৱ সমাজকৰ্মী ত্ৰিশোল শইকীয়া,ৰাজীৱ গগৈ,ললিত গগৈ,মণ্টু ফুকন আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত  স্বৰ্গদেউ চাওলুং ছ্যুকাফা সম্পৰ্কে ভালেজেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰখাৰ লগতে স্বৰ্গদেউ ছ্যুকাফাক স্মৰণ কৰি গভীৰ শ্ৰদ্বাঞ্জলী জ্ঞাপন কৰে। বিয়লি চাৰি বজাত ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ চৌহদত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণী পৰে।

No comments