Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাইজৰ দল'ৰ বঙাইগাঁও জিলা সমিতি গঠন; অখিল ওলালে চুনামী হ'ব , ধুমুহা কিন্তু ইতিমধ্যে আৰম্ভ হৈছে: অৰূপ বৰবৰা

  বঙাইগাঁওঃ ২০ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত সত্তৰটাকৈ জাতীয় - জনগোষ্ঠীয় সংগঠনৰ প্ৰচেষ্টাত গ ঠন হোৱা নতুন ৰাজনৈতিক দল ৰাইজৰ ...

 


বঙাইগাঁওঃ ২০ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত সত্তৰটাকৈ জাতীয় - জনগোষ্ঠীয় সংগঠনৰ প্ৰচেষ্টাত গঠন হোৱা নতুন ৰাজনৈতিক দল ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিখন আজি গঠন কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীক এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক তথা বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাই নিজৰ ভাষণ কয় যে  স্বৰাজত্তোৰ অসমত বিশেষকৈ আশীৰ দশকৰ পৰাই এই বঙাইগাঁৱত জাতীয়তাবাদী ভাবাপন্ন সমাজখনত আঞ্চলিকতাবাদী ভাবাপন্ন বঙাইগাঁৱৰ ৰাইজে আগভাগ লৈ আহিছে আৰু সাতবাৰকৈ ধাৰাবাহিকভাৱে প্ৰথমে আঞ্চলিকতাবাদী হৈ থকা আৰু পাছলৈ আঞ্চলিকতাবাদী,জাতীয়তাবাদী চৰিত্ৰ ত্যাগ কৰা অগপৰ বিধায়কক উঠাই আহিছে ৷ কিন্তু এইবাৰ নুঠাব ৷ তেওঁ কয় যে দুৰ্ভাগ্যজনকভাৱে শেহতীয়া বছৰ কেইটাত অসম গণ পৰিষদ দলটোৱে বিজেপিৰ লেঠুত ধৰি মন্ত্ৰীত্বৰ গাদীত বহি থকা অসম গণ পৰিষদ দলৰ বঙাইগাঁৱৰ স্থানীয় বিধায়কজন তথা তেওঁলোকে নিজৰ আত্ম চৰিত্ৰ ,নিজৰ স্বাভিমান ,নিজৰ জাতীয়তাবাদী চৰিত্ৰ ,আঞ্চলিকতাবাদী চৰিত্ৰ ত্যাগ কৰিছে আৰু সেয়ে বঙাইগাঁৱৰ ৰাইজ আজি তেওঁলোকৰ ওপৰত ক্ষোভিত ৷বঙাইগাঁৱৰ ৰাইজৰ তেওঁলোকৰ ওপৰত খং উঠিছে ৷ কাৰণ দলটোৰ সাংসদে 'কা'ৰ সপক্ষেহে ভোট দিলে আৰু  ইয়াৰ কাৰণেই দিছপুৰলৈ পঠিয়াইছিলে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷

মুখ্য আহ্বায়ক বৰবৰাই বিজেপি আৰু অহপ দলক সমালোচনা কৰি কয় যে 
শেহতীয়া পাঁচ বছৰত বিজেপিৰ সমগ্ৰ অসম ধ্বংসী ,জাতি ধ্বংসী সাম্প্ৰদায়িক আৰু ধৰ্মীয় মেৰু বিভাজনৰ যি পংকিল ৰাজনীতি তাত অগপ দল ভাগিদাৰ হ'ল ৷ ইয়াত কেৱল কেশৱ ,অতুল, ফণীভূষণৰে কথা নাই ৷ সামগ্ৰীকভাৱে অগপ দলটোৱে ৰাজনৈতিক চৰিত্ৰ ত্যাগ কৰি ই এটা স্বৈৰাচাৰী দলৰ সহায়ত নিজকে ৰাইজৰ মাজত পৰিচিত হ'ব ধৰিলে ৷ স্বৈৰাচাৰী শাসকবোৰক ওফোৰাবলৈ সেয়েহে এটা ঐতিহাসিক প্ৰয়োজন হৈ পৰিছিল ৷ কাৰণ এটা সুস্থ ,নিকা , ধৰ্মনিৰপেক্ষ, সৰ্বধৰ্ম ,সৰ্বভাষা , সৰ্ব জনগোষ্ঠীক লগত লৈ আগবঢ়া অসমৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ সংকল্প লোৱা আঞ্চলিক সত্বাৰ প্ৰয়োজন আছে আৰু সেইসূত্ৰে  ৰাইজৰ প্ৰতি নিজে উৎসৰ্গিত হৈ এই ৰাইজৰ দল ৷ এতিয়া ভিন্ন ধৰ্ম গোষ্ঠীয় লোক আজি লম্পট শাসকবোৰৰ লম্পট শাসনৰ পৰা উদ্ধাৰ পাবলৈ মাৰ বান্ধি আহিছে ৷ সেয়ে মই আপোনালোকক আজি পাৰম্ভিকভাৱে অভিনন্দন জনাইছো ৷

কাৰণ এই বঙাইগাঁও জিলাত কেইমাহমান পিছত তিনিওটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয়ী হৈ অহাৰ দিনাহে পূৰ্ণাংগ ৰূপে অভিনন্দন জনাম ৷ নিজৰ ভাষণ তেওঁ আৰু কয় যে 
বঞ্চিত , নিস্পেষিত ,অনগ্ৰসৰ অসমখন যুগে যুগে বঞ্চিত হৈ আহিছে ৷ ৰাষ্ট্ৰীয় দলবোৰৰ বিশেষকৈ যোৱা তিনিটা দশকৰ শাসকীয় ভিন্ন দলবোৰৰ ধান্দাবাজিবোৰৰ জৰিয়তে অসমখন এলাগি হৈ আহিছে, প্ৰৱঞ্চিত হৈ আহিছে ৷ অসম আৰু অসমীয়াৰ অস্তিত্ব, ভাষা,কৃষ্টিক বিপন্ন কৰাত এই ৰাষ্ট্ৰীয় সত্তাবোৰ লাগি ধৰিছে আৰু তথাকথিত আঞ্চলিক দল অসম গণ পৰিষদ ইয়াৰ সংগী হৈছে ৷ ভূতৰ ওপৰত দানহৰ দৰে ধৰ্মীয় মেৰুকৰণৰ একমাত্ৰ এজেণ্ডালৈ হিন্দুত্ব সৰ্বস্বতাৰ একমাত্ৰ এজেণ্ডালৈ নাগৰিকত্ব সংশোধনী আইনখন সংসদত গৃহীত কৰিলে ৷ অৰ্থাৎ কেৱল হিন্দু হলেই অবৈধভাৱে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰি ৩১- ১২- ২০১৪ লৈকে যদি আহি পায় তেতিয়াহলে তেওঁলোকক ৰঙা দলিছা পাৰি নাগৰিকত্ব দিয়াৰ বিধান কৰিছে ৷ অসম চুক্তিখন নসাৎ কৰিছে ৷ নাগৰিকত্ব আইনৰ যিটো অসমকেন্দ্ৰিক ধাৰা তাক সমুলি নসাৎ কৰিছে ৷ তেওঁ ত্যাগ আৰু সংকল্প এই দুটা ডাঙৰ বস্তু আৰু অসমৰ অস্তিত্বৰ বাবে ডাঙৰ বস্তু বুলি কৈ  ৬০-৭২ ৰ ভাষা আন্দোলৰ শ্বহীদ অনিল - মোজ্জামিল , ছবছৰীয়া অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদ ,জাতীয় আত্মনিয়ন্ত্ৰণৰ হকে কথা কোৱা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ দৰে বৰেণ্য শ্বহীদ আৰু 'কা' বিৰোধী আন্দোলনত বৰ্বৰভাৱে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে হত্যা কৰা পাঁচজন কা বিৰোধী আন্দোলনৰ শ্বহীদৰ লগতে বিগত এবছৰ ধৰি ইটোৰ পিচত সিটো গোচৰত কাৰাগাৰত বন্দী কৰি ৰখা অখিল গগৈকো জীৱন্ত শ্বহীদ বুলি কয় ৷ অখিল গগৈৰ দোষটো কি আছিল বুলি প্ৰশ্ন কৰি অখিল গগৈয়ে অসমৰ স্বাৰ্থত বিগত দুটা দশক ধৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শাসকীয় সত্তাবোৰক ক্ষুৰধাৰ সমালোচনা কৰা ,খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ কথা কোৱা ,সৰ্বস্তৰৰ যি দুৰ্নীতি ,বৃহৎ নদী বান্ধ স্থাপন , অবৈধ টোলগেট ,পোন্ধৰ বছৰীয়া প্ৰভাৱশালী মন্ত্ৰীৰ টাডা গোচৰৰ হেৰাই যোৱা কেছ ডায়েৰী উদ্ধাৰ কৰি ফাদিল কৰা ,কা আইনখনৰ জংগী বিৰোধ কৰাই দোষ আছিল বুলি কয় ৷ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ শাসকে এই আটাবোৰ গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠক ভয় কৰে আৰু সেয়াই আছিল অখিল গগৈৰ দোষ বুলি কয় ৷ তেওঁ জংগী মানে হিংসাত্মক নহয় ,জংগী মানে জবৰদোষ্ট বুলি কয় ৷ জংগী মানে হিংসা নহয় ,জংগী মানে সশস্ত্ৰ নহয় ৷ নিৰস্ত্ৰ হৈ জংগী আন্দোলন কৰাত বিশ্বাসী আছিল অখিল গগৈ ৷ বিভিন্ন গোচৰত আজিও অখিল গগৈ কাৰাবন্দী৷ অখিল গগৈ ৰাষ্ট্ৰ যন্ত্ৰৰ বাবে চকুৰ কুটা দাঁতৰ ক্ষুল হৈ পৰিছিল ৷ অখিলক মুক্তি দিবই লাগিব ৷ অখিল ওলাবই লাগিব ৷ অখিল ওলালে চুনামী হ'ব ৷ ধুমুহা কিন্তু ইতিমধ্যে আৰম্ভ হৈছে ৷ পুলিয়ে পোখাই  বিজেপি  এজিপিক উৎসাত কৰিবলৈ মানুহ ওলাই আহিছে ৷ মুখ্য আহ্বায়কগৰাকীয়ে এক ঐক্যবদ্ধ নব্য আঞ্চলিক শক্তিৰ পুনৰ উত্থান আৰু এটা নিকা আঞ্চলিক সত্বাৰ দ্বাৰা ক্ষমতাৰ দখল আপোচবিহীন আঞ্চলিক ক্ষমতাৰ বাহিৰে অসম আৰু আসমীয়াৰ কোনো গত্যন্তৰ নাই বুলি কৈ এই সত্যৰ উপলব্ধিটো ৰাষ্ট্ৰীয় শাসকীয় দলবোৰৰ পৰা আশা কৰাটো হৈছে দুৰাশা বুলিও কয় ৷ আজি স্বৰাজত্তোৰ কালৰ সত্তৰ বছৰৰ পিচত আমি মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত যে এটা আপোচ বিহীন আঞ্চলিক ৰাজনৈতিক সত্বাৰ যদি ক্ষমতাত পুনৰ উত্থান নহয় ,তেতিয়াহলে অসমীয়া মানুহৰ অস্তিত্ব ,ভাষা ,কৃষ্টি ,জাতীয় সম্পদ আদি ৰক্ষণা- বেক্ষণৰ কোনো গত্যন্তৰ নাথাকিব ৷ ৰাইজে কিন্তু বুজি পাইছে ৷ জাতীয় স্বাভিমান কি সেইটো বুজি পাইছে ৷ তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে অসমৰ খনিজ আৰু বনজ সম্পদ উন্নয়নৰ নামত বনিয়াৰ হাতত গতাই দিছে ৷ কাঠ ,কয়লা ,পান ,শুপাৰি, মাছ আটাইবোৰৰে চিণ্ডিকেট চলি আছে আৰু বিজেপিৰ বিধায়ক আৰু ৰাজনৈতিক নেতাবোৰ এই চিণ্ডিকেটৰ কাণ্ডাৰী ৷ অযথা প্ৰশাসনৰ পৰা ৰক্ষণা বেক্ষণ নাপালে নাকৰ তলেৰে এই চিণ্ডিকেটবোৰ চলি থাকিব নোৱাৰে আৰু এয়া মিছা কথা ৷ সেয়ে কিছুমান মন ভুলোৱা আৰু মিথ্যাচাৰি বচনৰ ঘোষণা দেশ ৰাজ্যই বহু শুনিলে ৷ নৰেন্দ্ৰ মোডীৰ মন কী বাতটো টি আৰ পি কমি কমি নাইকীয়া হৈছে এতিয়া ৷ মন কী বাত গুচি ধান্দাবাজীৰ বাত হৈ গ'ল ৷ সৰ্বানন্দ সোণোৱালৰ জাতি,মাটি ,ভেটি আৰু হিমন্ত বিশ্ব শৰ্মাৰ চকু পিৰিকীয়াই পিৰিকীয়াই  কোৱা বচনবোৰ আৰু ৰাইজে নুশুনা হৈছে ৷ সেইবোৰৰ ভেল্যু নোহোৱা হৈছে ৷ মই অৱক্ষপ্ৰাপ্ত ৰাজনীতিৰ পৰিৱৰ্তে মূল্যবোধৰ ৰাজনীতিত হে বিশ্বাসী ৷ কুকুৰ ,মেকুৰী বুলি নিৰ্বাচনী সভাত গালি পাৰি আজি তেওঁলোকে অসমখনৰ ৰাজনৈতিক সংস্কৃতিটো বিনষ্ট কৰিছে ৷ সুস্থ ৰাজনৈতিক সংস্কৃতিটো সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আৰু তেওঁলোকৰ নেতাসকলৰ লগতে অগপ নামৰ দলটোৰ নেতাসকলে বিনষ্ট কৰিছে বুলিও কয় ৷ কিন্তু ৰাইজৰ দলে এই সুস্থ ৰাজনৈতিক সংস্কৃতিটো ধৰি ৰাখি ৰাইজক লগত লৈহে দিছপুৰ দখল কৰিব বুলি কয় ৷ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাত জনপ্ৰিয় অভিনেত্ৰী তথা ৰাইজৰ দলৰ আহ্বায়ক জেৰিফা ৱাহিদে কয় যে আমি সকলোৱে যেন নিজকে এবাৰ নিজে কিছু কথা শুধি চাব পাৰো যে আমি আমাৰ ৰাজ্যখনক কিমান ভাল পাওঁ , আমি নিজৰ ৰাজ্যখনক কিমান সবল কৰিব পাৰিছো আৰু আমি জীৱনত কি বিচাৰিছো ,আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি কেনে ধৰণে কাম কৰি যোৱাটো উচিত আমি যাতে এবাৰ বিৱেচনা কৰি চাওঁ ৷ অভিনেত্ৰীগৰাকীয়ে কবি মিত্ৰদেৱ মহন্ত ,নলিনী বালা দেৱী , অম্বিকাগিৰি ৰায় চৌধুৰী,ৰবীন্দ্ৰ সৰকাৰ আদিৰ কেবাটাও স্বদেশপ্ৰেমূলক কবিতা পাঠ কৰি সকলোকে উদ্বুদ্ধ হ'বলৈ আহ্বান জনাই কয় যে এই কবিসকলে যেন আগতেই ওমান পাইছিল এটা সময়ত অসমখনৰ অৱস্থা কি হ'ব ৷ আনহাতে অসম গণ পৰিষদ দলৰ প্ৰাক্তন উপ সভাপতি তথা ৰাইজৰ দলৰ আহ্বায়ক যোগেশ্বৰ শইকীয়াই নিজৰ ভাষণত কয় যে মই অগপ দলৰ সৈতে ৮৫ চনৰ পৰাই আছিলো ৷ কিন্তু পাঁচ বছৰমান পূৰ্বে মই তেওঁলোকৰ সংগ এৰি দিলো ৷ কাৰণ তেওঁলোকৰ চৰিত্ৰ সলনি নহ'ল ৷ অগপ দলৰ নেতাসকলক অসমৰ বৃদ্ধ মহিলাসকলে চাদৰ পাৰি দিছিল আৰু সেই চাদৰ গচকি গৈছিল আৰু ধুলিখিনি থাপনাত ৰাখি থৈছিল ৷ সেই আশীৰ্বাদ তেওঁলোকে কি কৰিলে ? তাৰ অভিশাপ তেওঁলোকে আজি পাইছে ৷ তেওঁ বিজেপি দল তথা নৰেন্দ্ৰ মোডীকো সমালোচনা কৰে ৷  সেইদৰে সভাত দলটোৰ আন এগৰাকী মুখ্য আহ্বায়ক সঞ্জিৱ শৰ্মাই নিজৰ ভাষণত কয় যে  মই  ৰাইজৰ দলৰ সৈতে জড়িত হোৱাৰ মূলতে হ'ল দলটোৰ সৈতে জড়িতসকল বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত একো একোজন সন্মানীয় ব্যক্তি ৷ কিন্তু ৰাজনীতি কৰি পোৱা নাই ৷ সেয়ে এই সকল ব্যক্তিৰ পিচফালে ঠিয় দিব পাৰিলে নিজকে গৌৰৱ অনুভৱ কৰিম ৷ যিটো আন ৰাজনৈতিক দলৰ ব্যক্তিসকলক মনৰ পৰা সন্মান দিব নোৱাৰো ৷ সেয়ে তেওঁ ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় ৷ সভাত দলটোৰ ৰাইজ্যিক সমন্বয়ক প্ৰভাত বৈষ্ণৱ আদিয়েও বক্তব্য ৰাখে ৷ ইপিনে সভাৰ আৰম্ভণিতে 'কা' আন্দোলনৰ শ্বহীদৰ আত্মাৰ সদগতি কামনা কৰি মৌনতা অৱলম্বন কৰি শ্ৰদ্ধা জনোৱা হয় ৷ সভাত ৰাইজৰ দলৰ জিলা সমিতিখন গঠন কৰা হয় ৷ সমিতিখনত দীপক দাসক সভাপতি , হীৰকজ্যোতি বৰ্মন আৰু সমৰ সূত্ৰধৰক কাৰ্যকৰী সভাপতি , জীৱন চন্দ্ৰ নাথক মুখ্য সম্পাদক ,পাঁচজনকৈ উপসভাপতিকে ধৰি ৪৫ জনীয়া এখন খচৰা সমিতি গঠন কৰা হয় ৷ পৰৱৰ্তী সময়ত জিলা সমিতিখনক পূৰ্ণাংগ ৰূপ দিয়া হ'ব ৷ জিলা সমিতিখন জিলাখনৰ তিনিটা বিধান সভা সমষ্টি ক্ৰমে বঙাইগাঁও , উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিক সামৰি গঠন কৰা হয় ৷ উল্লেখ্য যে সভাত বিভিন্ন দল- সংগঠনৰ পৰা কেইবাজনেও ৰাইজৰ দলত যোগদান কৰে ৷ বিশেষকৈ জিলা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক মথুৰা বৰ্মন ,কলিতা ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি নীলমণি কলিতা ,এআইইউডিএফৰ কাউন্সিলাৰ দীলিপ দাস ,আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থাৰ ৰাজ্যিক উপ সভাপতি কৌশিক দাস, বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাস , অগপৰ ঢালিগাঁও আঞ্চলিকৰ সভাপতি ৰছিদুল হ'ক , বঙাইগাঁও জিলা এআইইউডিএফৰ উপ সভাপতি বাদশ্বাহ মিঞা , বিচিএল কৰ্মচাৰী ইউনিয়নৰ  প্ৰাক্তন সম্পাদক ৰাদীৱ দাস , বইটামাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অধ্যক্ষ মাণিক সূত্ৰধৰ, কংগ্ৰেছ কৰ্মী ,প্ৰাক্তন আছু কৰ্মী আদিয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ সভাৰ আৰম্ভণিতে কোচ ৰাজবংশী জনগোষ্ঠীৰ নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয় ৷ সেইদৰে দলৰ মুখ্য আহ্বায়ক , আহ্বায়কসকলক মূল পথৰ পৰা আদৰি সভাগৃহলৈ নিয়া হয় ৷ 

No comments