মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান,১০ ডিচেম্বৰ: চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীৰ সকলক মানসিক বৌদ্ধিক বাবে গঢ়ি তুলি শৈক্ষিক মানদণ্ডৰ উন্নত কৰিবলৈ প্ৰতি বছ...
মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান,১০ ডিচেম্বৰ: চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীৰ সকলক মানসিক বৌদ্ধিক বাবে গঢ়ি তুলি শৈক্ষিক মানদণ্ডৰ উন্নত কৰিবলৈ প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে পঞ্চম মান আৰু অষ্টম শ্ৰেণীৰ বাবে মূখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষা। ইতিমধ্যে ২০১৯ বৰ্ষৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফলক লৈ সন্তুষ্ট মৈৰাবাৰী এম ই মাদ্ৰাছা ।২০১৯ বৰ্ষত মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত মৈৰাবাৰী এম ই মাদ্ৰাছাৰ পৰা ২০ গৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মূখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু একশ শতাংশই উৰ্ত্তীণ হবলৈ সক্ষম হয়। উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনাবলৈ আজি কভিড প্ৰটকল ৰক্ষা কৰি এক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় মৈৰাবাৰী এম ই মাদ্ৰাছা।প্ৰধান শিক্ষক হিবজুৰ ৰহমান খানৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ উদেশ্যে ব্যখ্যা কৰে শিক্ষক ৰুফুল আমিনে ।শিক্ষক, ছাত্ৰ ছাত্ৰী, আৰু অভিভাৱকৰ পূৰ্ন সহযোগিতাৰ কাৰনে এনে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয় প্ৰধান শিক্ষক হিবজুৰ ৰহমান খানে ।সম্বৰ্ধনা সভাত বৰথল দলৈগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুচ আৰু অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক তথা ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত সমাজ সেৱক আব্দুল গফুৰে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদেশ্যে মানুহ গঢ়াৰ শৈক্ষিক ভাষন প্ৰদান কৰে। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ অভিভাৱক উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানত মৈৰাবাৰী জিলা পৰিষদৰ সদস্যা আবিদা বেগম, মৈৰাবাৰী পঞ্চায়তৰ সভানেত্ৰী শ্বাহনাজ চুলতানা, মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি শ্বৰিফ উদ্দিন আহমেদ,টি এম কে হাই মাদ্ৰাছাৰ অধ্যক্ষ আমিনুল ইছলাম আৰু চি আৰ চি চি ইকবাল হুছেইন থাকি কৃতি ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোচা আৰু একোখনকৈ মান পত্ৰৰে সম্বৰ্ধনা জনায়।
No comments