Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত অৱসৰৰ দিনটোতে ১১ জনক পেঞ্চন

  গণ বাৰ্তা, ডিব্ৰুগড়, ৩১ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ পৰিদৰ্শকৰ প্ৰেক্ষাগৃহত ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰা ১১ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক অৱসৰৰ দ...


 গণ বাৰ্তা, ডিব্ৰুগড়, ৩১ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ পৰিদৰ্শকৰ প্ৰেক্ষাগৃহত ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰা ১১ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক অৱসৰৰ দিনাই পেঞ্চন আৰু যাৱতীয় নথি পত্ৰ প্ৰদান কৰে ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে। আজিৰ অনুষ্ঠানত    পেঞ্চন লাভ কৰা শিক্ষক আৰু কৰ্মচাৰী সকল আছিল স্বৰূপা নন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পদ্মলতা য়েন, কঁঠাল গুৰি উচ্চতৰ মাধামিক বিদ্যালয়ৰ পৰশমণি দত্ত, নন্দেশ্বৰ চক্ৰৱৰ্তী উঃ মাধ্যমিক বিদ্যালয়ৰ অঞ্জুমণি বৰা দুৱৰা, ধেমেচি উঃ মাধ্যমিক স্কুলৰ শৈলেন শেনচোৱা, কটোহা উঃমাধ্যমিক বিদ্যালয়ৰ উপেন নাথ গগৈ, পঠালীবাম উঃমাধ্যমিক বিদ্যালয়ৰ প্ৰশান্ত চমুৱা, বগডং উঃমাধ্যমিক বিদ্যালয়ৰ ইন্দ্ৰেশ্বৰ বৰুৱা, আঘনীবাৰী উঃমাধ্যমিক বিদ্যালয়ৰ মণিৰাম গগৈ, মদাৰখাত উঃমাধামিক বিদ্যালয়ৰ নিম্ন বৰ্গ সহায়ক লিখেশ্বৰ গগৈ, কটোহা বীনাপানী উঃমাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মুহিধৰ বৰুৱা আৰু অসম বিদ্যাপীঠ উঃমাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উনেশ্বৰ ফুকন। পেঞ্চনৰ যাৱতীয় নথি পত্ৰ প্ৰদান কৰি পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে কয় যে এই কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলে দিনে ৰাতিয়ে কষ্ট কৰি যাবতীয় নথিপত্ৰ ঠিক কৰি দি  অৱসৰৰ দিনাই পেঞ্চনাৰ সকলৰ মুখত হাঁহি বিৰিঙাবলৈ পাই তেওঁ নিজকে সুখী অনুভৱ কৰে আৰু কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলক ধন্যবাদ জনায়। যিটো সময়ত  কিছুমানে বিভাগটোক পেঞ্চন সময়মতে নিদিয়া বুলি সমালোচনা কৰে তেনে ক্ষেত্ৰত বিদ্যালয়ৰ পৰিদৰ্শিকা গৰাকীয়ে লোৱা এনে ধৰণৰ পদক্ষেপক সকলোৱে প্ৰসংশা কৰে। ২০২০ বৰ্ষত মুঠ ৮০ গৰাকী শিক্ষক কৰ্মচাৰীক অৱসৰৰ দিনা খনেই পেঞ্চন হাতত দিয়া বুলি কৈ পৰিদৰ্শিকা চৌধুৰীয়ে কয় যে আমি যদি অলপ কষ্ট কৰি অৱসৰপ্ৰাপ্ত ব্যক্তি সকলক অৱসৰৰ দিনাই পেঞ্চন হাতত তুলি দিব পাৰো নিশ্চয় তেওঁলোকে আমাক আশীৰ্বাদ কৰিব। পৰিদৰ্শিকা গৰাকীয়ে ইতিমধ্যে চৰকাৰী স্কুলৰ ৱেবচাইট পেজ খুলি ৰাইজক উপকৃত কৰিছে। তেওঁৰ কৰ্মৰ সফলতাৰ বাবে চৰকাৰে  ২০১৯ বৰ্ষত "শ্ৰেষ্ঠ শৈক্ষিক জিলা" হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু ২০২০ বৰ্ষত দীপিকা চৌধুৰীক কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আগবঢ়োৱা "কৰ্ম সৈনিক"  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অলপতে প্ৰদান কৰে। আজিৰ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ কৰ্মচাৰী পৰিষদৰ সম্পাদক অনিল সিংহ, অধিবিদ্যা পৰিষদৰ সভাপতি পূণ্য নাথ পাং গিং, সম্পাদক তৰংগ কল্লোল শইকীয়াকে আদি কৰি অনেক গণ্য মান্য ব্যক্তিৰ লগতে কেইবাজনো সাংবাদিক উপস্থিত থাকে।

No comments