Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটা নগৰ আন্ত:গাঠনি পুজিৰ কামৰ শুভাৰম্ভ

  আজিজুল হক, ভেল্লা , ২০ ডিচেম্বৰ: বহু প্ৰত্যাশিত এশকোটি টকীয়া মহানগৰ আন্ত:গাঠনি বিকাশ পুজিৰ অধীনত বৰপেটা চহৰ বিকাশৰ বাবে নিৰ্ধাৰণ কৰা প্ৰথ...

 


আজিজুল হক, ভেল্লা , ২০ ডিচেম্বৰ: বহু প্ৰত্যাশিত এশকোটি টকীয়া মহানগৰ আন্ত:গাঠনি বিকাশ পুজিৰ অধীনত বৰপেটা চহৰ বিকাশৰ বাবে নিৰ্ধাৰণ কৰা প্ৰথমখন আঁচনিৰ কামৰ আজি গণককুছীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসে। গণককুছীৰ পৰা কৰেৰতললৈ বৰপেটা-পাটবাউসী পথৰ সৈতে বৰপেটা-বাঘবৰ পথ সংযোগী ১.৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা ২.৪১কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কামৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বৰপেটা পলিটেকনিক আৰু আদৰ্শ বিদ্যালয়ৰ সন্মুখেৰে যোৱা পথচোৱা ৯ মিটাৰ বহল কৈ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। বৰপেটা পলিটেকনিকৰ সন্মুখতে অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে, মহানগৰ আন্ত:গাঠনি বিকাশ পুজিৰে বৰপেটা চহৰখনৰ উন্নয়নৰ বাবে হাতত লোৱা ২৯ খন অভিলাষী আঁচনিৰ ভিতৰত অৰ্থ মঞ্জুৰী লাভ কৰা এইখনেই প্ৰথম আঁচনি। আন ২৮ খন আঁচনিৰ মঞ্জুৰীও অতি শীঘ্ৰে অসম চৰকাৰে দিব বুলি আশা কৰা হৈছে। উপায়ুক্ত গৰাকীয়ে ৰাজ্য চৰকাৰে ৰূপায়ন কৰিবলৈ লোৱা আন আন আচনি সমূহৰ বিষয়েও উল্লেখ কৰে। পথটোৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত বিধায়ক গুনীন্দ্ৰ নাথ দাসে উপায়ুক্ত গৰাকীৰ কামৰ ভূয়সী প্ৰশংসা কৰি  কয় যে তেওঁ এজন সহজ-সৰল কৰ্মথ বিষয়া, যিয়ে জিলাখনৰ উন্নয়নৰ হকে অহৰ্নিশে সেৱা আগবঢ়াই আহিছে। বিধায়ক গৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰো প্ৰশংসাত পঞ্চমুখ হৈ তেখেত এগৰাকী ঈশ্বৰিক ক্ষমতাশালী বিকাশ পুৰুষ বুলি অভিহিত কৰে। বৰপেটা, বাঘবৰ আৰু চেঙা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাৰত চন্দ্ৰ দাসে আঁতধৰা সভাখনত অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, বৰপেটা নগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ মহেন্দ্ৰ দাস,  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, নগৰ আৰু গাওঁ পৰিকল্পনা বিভাগৰ বৰপেটাৰ উপসঞ্চালক ফটিক চন্দ্ৰ বৰা,  বৰপেটা পলিটেকনিকৰ অধ্যক্ষ ড: নৃপেন্দ্ৰ মজুমদাৰ আদিয়েও চমু ভাষণ দিয়ে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাস আৰু গণককুছী গাঁৱৰ গাওঁবুঢ়া বিজয় চৌধুৰীও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

No comments