হেমিল্টন, ৮ ডিচেম্বৰ ঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা দুখন মেচৰ টেষ্ট ছিৰিজৰ প্ৰথমখনত ২৫১ ৰানৰ আকৰ্ষিত ইনিংছ খেলা নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়...
হেমিল্টন, ৮ ডিচেম্বৰ ঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা দুখন মেচৰ টেষ্ট ছিৰিজৰ প্ৰথমখনত ২৫১ ৰানৰ আকৰ্ষিত ইনিংছ খেলা নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছে আইচিচিৰ শেহতীয়া টেষ্ট বেটছমেন ৰেংকিঙৰ দুটা স্থান আগুৱাই দ্বিতীয় স্থান দখল কৰিছে। তেওঁ বিৰাট কোহলীৰ সৈতে দ্বিতীয় স্থান দখল কৰিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা প্ৰথমখন টেষ্টত উলিয়ামছনে তেওঁৰ টেষ্ট কেৰিয়াৰৰ সৰ্বাধিক ৰান অৰ্জন কৰে। ইয়াৰ ফলত আইচিচি টেষ্ট বেটছমেন ৰেংকিঙত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
তেওঁৰ শেহতীয়া প্ৰদৰ্শনৰ সৈতে উইলিয়ামছনে ৭৪ পইণ্ট লাভ কৰে আৰু এতিয়া ৮১২ পইণ্টৰ পৰা ৮৬৬ পইণ্টত উপনীত হৈছে। তেওঁৰ দলৰ টম লাথমে ৭৩৩ পইণ্টৰে আ দশম স্থানত আছে। অষ্ট্ৰেলিয়াৰ ষ্টীভ স্মিথে ৯১১ পইণ্টেৰে প্ৰথম স্থানত আছে। আনহাতে বলিং ৰেংকিঙৰ তালিকাত নিউজিলেণ্ডৰ নেইল ৱেগনাৰ দ্বিতীয় স্থানত আহিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হেমিল্টন টেষ্টত তেওঁ মুঠ ছয়টা উইকেট দখল কৰিছিল। টিম ছাউথীয়ে ৮১৭ পইণ্টেৰে চতুৰ্থ স্থানত আছে। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক জেচন হোল্ডাৰে দুটা স্থান হেৰুৱাইছে। তেওঁ পঞ্চম স্থানৰ পৰা স্থানত অৱস্থান কৰিছে।
No comments