Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰূক্ষেত্ৰীৰ বৰবালাত ৰাইজৰ দলৰ সভা; পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত আহ্বায়ক সমিতি গঠন

  গণ বাৰ্তা, সৰুক্ষেত্ৰী, ১৯ ডিচেম্বৰঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য ৰাজনৈতিক দল বোৰৰ দৰে ৰাইজৰ দলেও বৰপেটা ...

 


গণ বাৰ্তা, সৰুক্ষেত্ৰী, ১৯ ডিচেম্বৰঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য ৰাজনৈতিক দল বোৰৰ দৰে ৰাইজৰ দলেও বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অবিৰতভাৱে চলাইছে সাংগঠনিক তৎপৰতা। ৰাইজৰ দলৰ বৰপেটা জিলাৰ আহ্বায়ক সকলে প্ৰতিদিনেই পঞ্চায়ত আৰু বুথ পৰ্যায়ত ৰাজহুৱা সভা অনুষ্ঠিত কৰি সমান্তৰালকৈ দলটোৰ আহ্বায়ক সমিতিবোৰো গঠন কৰি থকা পৰিলক্ষিত হৈছে। একেদৰে ৪০ নং পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত আহ্বায়ক সমিতি গঠন কৰাৰ উদ্দেশ্যে আজি আবেলি ৩ বজাত সংখ্যালঘূ অধ্যুষিত বৰবালা বজাৰত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা। কয়াকুছি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হাছেন আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত ৰাজহুৱা সভাত কয়াকুছি মহাবিদ্যালয়ৰ প্ৰবক্তা ছাদেক আলী আহমেদে ভাষণ প্ৰসংগত বিজেপিক সাম্প্ৰদায়িক তথা মুছলিম বিদ্বেষী বুলি অভিযোগ কৰাৰ লগতে কংগ্ৰেছ দলে যুগে যুগে অসমৰ মুছলিম লোক সকলক ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে। বৰবালা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকবৰ আলী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনিৰুজ জামানে ভাষণ প্ৰসংগত বিজেপি চৰকাৰে কৃষক নেতা অখিল গগৈক বে-আইনী ভাৱে কাৰাগাৰত বন্দী কৰি ৰাখিছে বুলি অভিযোগ কৰে। ২০২১ৰ নিৰ্বাচনত অসমৰ ৰাজপাট ৰাইজৰ দলেই দখল কৰিব বুলি ৰাজ্যিক আহ্বায়ক গৰাকীয়ে প্ৰকাশ কৰে। ৰাইজৰ দলৰ আন এগৰাকী আহ্বায়ক  আব্দুল জলিলে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি বিশ্লেষণ কৰি মুছলিম সকলৰ ভোটবোৰ এআইইউডিএফ আৰু কংগ্ৰেছ দল দুটাৰ কেতিয়াও সম্পত্তি হ'ব নোৱাৰে বুলি বক্তব্য প্ৰদান কৰে। এতিয়াৰ পৰা ৰাইজৰ কাম নকৰা জনপ্ৰতিনিধি সকলে ৰাইজৰ ওচৰত সদায় জবাবদিহি হ'ব লাগিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে বিশিষ্ট গান্ধীবাদী নেতা তথা দলটোৰ বৰপেটা জিলাৰ অন্যতম আহ্বায়ক গুণজিৎ শৰ্মাই। ৰাইজৰ দলৰ বৰপেটা জিলাৰ আহ্বায়িকা নিলোফাৰ ইয়াছমিন, বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক মনিৰ আলী প্ৰভৃতি ব্যক্তি সকল উপস্থিত থকা উক্ত ৰাজহুৱা সভাত ৰাইজৰ দলৰ ৩১ জনীয়া পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত আহ্বায়ক সমিতি খন গঠন কৰাৰ লগতে উপস্থিত ৰাইজে জয় আই অসম ধ্বনি দি সভাস্থলী মুখৰিত কৰি তোলে।

No comments