ওছমান গনি, বিলাসীপাৰা ,২০ ডিচেম্বৰ : বহু জল্পনা-কল্পনাৰ অন্তত দেওবাৰে বিলাসীপাৰাৰ এটা বিশেষ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। বহু প্ৰত...
ওছমান গনি, বিলাসীপাৰা ,২০ ডিচেম্বৰ : বহু জল্পনা-কল্পনাৰ অন্তত দেওবাৰে বিলাসীপাৰাৰ এটা বিশেষ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। বহু প্ৰত্যাশিত বিলাসীপাৰাৰ বিশেষ পথটো নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহীয়ে। উল্লেখ্য যে অসম দৰ্শন আঁচনিৰ অধীনত প্ৰায় ৫.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব পূব বিলাসীপাৰা সমষ্টিৰ ডিয়াবাৰীৰ পৰা কাল ভৈৰৱী মন্দিৰ লৈ যোৱা একমাত্ৰ বিশেষ পথটো। ঐতিহাসিক মন্দিৰ টো লৈ পূজা অৰ্চনাৰ বাবে অহা যোৱা কৰা ভক্ত প্ৰাণ ৰাইজৰ লগতে পথচাৰী সকলে যাতায়তৰ ক্ষেত্ৰত এক প্ৰকাৰ অনুপযোগী হৈ পৰা পথটোৰ বাবে দীৰ্ঘদিন ধৰি যমৰ যাতনা ভুগি আহিব লগীয়া হৈছিল।
তেনে পৰিস্থিতিত স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ ব্যাপক তৎপৰতাত অসম চৰকাৰে মন্দিৰটো লৈ যোৱা পথটো পকী কৰণ কৰিবলৈ অসম দৰ্শন আঁচনিৰ অধীনত প্ৰায় ৫.৫ কোটি টকা মোকলাই দিয়ে। সেই মতে আজি উক্ত পথছোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আজি স্থানীয় বিধায়ক সিংহীয়ে ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱ, গড়কাপ্তানি বিভাগৰ বিলাসীপাৰা টেৰিটৰিয়েল সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে। বিধায়ক গৰাকীৰ তৎপৰতাত চৰকাৰে প্ৰায় ৫.৫ কিলোমিটাৰ পথটো পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰি তোলাত স্থানীয় ৰাইজে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।আনহাতে আজি বিয়লি সমষ্টিটোৰ পুখুৰীপাৰা গাঁও পঞ্চায়তৰ অধীনস্থ ঐতিহ্যমণ্ডিত বুড়া বুড়ী মন্দিৰৰ আন্তঃগাঁথনিৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক সিংহীয়ে। উল্লেখ্য যে অসম দৰ্শন আঁচনিৰ দহ লাখ টকা ব্যয় সাপেক্ষে মন্দিৰটোৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা হ'ব।
No comments