Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰৰ মাজৰ চৰাঞ্চল উজান দুৰামাৰীত গাঞ্জা খেতিৰ বিৰুদ্ধে শুৱালকুচি নদী আৰক্ষীৰ অভিযান : প্ৰশাসনে কাটি জ্বলাই দিলে গাঞ্জা গছ

গণ বাৰ্তা গৰৈমাৰী , ২৩ ডিচেম্বৰ : দক্ষিণ কামৰূপৰ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰৰ মাজৰ চৰাঞ্চল উজান দুৰামাৰীত অবৈধ ...


গণ বাৰ্তা গৰৈমাৰী , ২৩ ডিচেম্বৰ : দক্ষিণ কামৰূপৰ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰৰ মাজৰ চৰাঞ্চল উজান দুৰামাৰীত অবৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷এই অভিযানত উজান দুৰামাৰী গাঁৱৰ দুজনকৈ গাঞ্জা খেতিয়কৰ ঘৰত প্ৰায় দুই শতাধিক ভাংগছ কাটি অগ্নি সংযোগ কৰি জ্বলাই দিয়ে।আমাৰ গণ অধিকাৰৰ স্হানীয় সাংবাদিকৰ লগতে বৰাখাট গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ এক গোপনসূত্ৰৰ পমখেদি গাঞ্জা খেতিৰ বিৰুদ্ধে চলোৱা অভিযানত নেতৃত্ব দিয়ে শুৱালকুছি নদী আৰক্ষী থানাৰ উপ আৰক্ষী বিষয়া লংকেশ্বৰ দাসে। উল্লেখ্য যে অঞ্চলটোত এচাম অসাধু দুষ্ট প্ৰকৃতিৰ লোকে দীৰ্ঘদিনৰে পৰা গাঞ্জা খেতিৰে স্বাৱলম্বীৰ পথ বাচি লৈছে৷ শুৱালকুছি নদী আৰক্ষীয়ে গাঞ্জা খেতিযৰ বিৰুদ্ধে চলোৱা অভিযানত প্ৰায় দুই শতাধিক পৈনত গাঞ্জা গছ ধ্বংস কৰে৷ আনহাতে গাঞ্জা গছ সমূহৰ পৰা উৎপাদন হ'বলগীয়া গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ইয়াৰোপৰি গৰৈমাৰীৰ বিভিন্ন চৰাঞ্চলতো আছে অবৈধ গাঞ্জা খেতি।উল্লেখ্য যে শুৱালকুচি নদী আৰক্ষীয়ে সঘনাই চৰাঞ্চল পৰিদৰ্শন কৰাৰ লগতে উজানদুৰামাৰীৰ চৰকাৰী লাট গাঁওবুঢা ছাদেক আলীৰ ঘৰৰ ওচৰতে এই মাৰাত্মক গাঞ্জা খেতিৰ বিষয়ে জানিও নজনাৰ ভাও জুৰি থকাৰ অভিযোগ উত্থাপন হৈছে। দুৰামাৰীৰ গাতে লাগি থকা শালমাৰা চৰ আৰু মাগুৱাবিলৰ পথাৰতো আছে বহু সংখ্যক লোকৰ অবৈধ গাঞ্জা খেতি।উল্লেখ্য যে এই অবৈধ মাৰাত্মক গাঞ্জাৰ কবলত পৰি ধ্বংসৰ মুখলৈ গতি কৰিছে বহু লোকে।দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ।পৰবৰ্তী সময়ত এই অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধে কামৰূপ জিলা আৰক্ষী প্ৰশাসনৰ উৰ্ধতম কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে হব লক্ষনীয়।

No comments