Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুপথাৰত অগপৰ সংবাদমেল

গণ বাৰ্তা বৰপথাৰ ১১ ডিচেম্বৰ :- আগন্তুক বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটি মান মাহ । ইতিমধ্যেই আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতি দল সমূহ...



গণ বাৰ্তা বৰপথাৰ ১১ ডিচেম্বৰ :- আগন্তুক বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটি মান মাহ । ইতিমধ্যেই আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতি দল সমূহে ৰাজনৈতিক কুচ-কাৱাজ ।  অসম গণ পৰিষদেও নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে | অগপৰ দুৰ্গ হিচাপেখ্যাত সৰুপথাৰ বিধান সভা সমষ্টিত এইবাৰ দলটোৱে ১৪ ডিচেম্বৰত 'জাতীয় ঐক্য সমাৰোহ'ৰ প্ৰস্তুতি তুংগত কৰি তুলিছে | আজি অগপৰ সৰুপথাৰৰ মুখ্য কাৰ্যালয়ত নগৰৰ অনুষ্ঠিত হোৱা এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰী তথা অগপৰ গোলাঘাট জিলা সমিতিৰ সভাপতি বিনোদ গোৱালাই কয় যে সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হবলগীয়া সমাৰোহখনত প্ৰায় ২০ সহস্ৰাধিক দলীয় কৰ্মকৰ্তাৰ উপস্থিতিৰ প্ৰস্তুতি চলোৱা হৈছে | এই জাতীয় ঐক্য সমাৰোহত দলটোৰ সভাপতি, মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, ফনীভূষন চৌধুৰী, কন্ঠ শিল্পী কল্পনা পাটোৱাৰীৰ লগতে কেইবা খনো জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰিব | আজিৰ সংবাদমেলত জিলা সভাপতি বিনোদ গোৱালাৰ লগতে কেন্দ্ৰীয় সমিতৰিৰ সম্পাদক মনোৰঞ্জন শইকীয়া,মহকুমা সমিতিৰ সভাপতি ৰাজেন গগৈ,সৰুপথাৰ সমষ্টিৰ যুৱ পৰিষদৰ সভাপতি প্ৰসন্ন বৰা, মহকুমা পৰিষদৰ সম্পাদক ৰূপম গগৈসহ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে | উল্লেখ্য যে,শাসনাধিষ্ঠ বিজেপি দলে এইবাৰ সৰুপথাৰ সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ বাবে দাবী উত্থাপন কৰি থকা সময়তে মিত্ৰজোঁটৰ অংশীদাৰ অগপয়ো বিধানসভা  নিৰ্বাচনত সৰুপথাৰ সমষ্টিৰ সহিতে ৪০ খন আসনত মিত্ৰশক্তি অগপ প্ৰাৰ্থী প্ৰক্ষেপ বাবে দাবী জনায়।

No comments