Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাহৰীঘাটত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস

গণবাৰ্তা,ভূৰাগাঁও,১২ ডিচেম্বৰঃ সমাগত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ ৰথী-মহাৰথী সকল। আজি মৰিগাঁও জিলা...

গণবাৰ্তা,ভূৰাগাঁও,১২ ডিচেম্বৰঃ সমাগত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ ৰথী-মহাৰথী সকল। আজি মৰিগাঁও জিলাৰ লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ তিৱা স্বায়ত্ব পৰিষদ বৰঙনি আৰু জমাদাৰী সমষ্টিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে শাসকীয় বিজেপি দলে।তিৱা পৰিষদীয় সমষ্টি দুটা নিজৰ দখললৈ অনাৰ ব্যাপক তৎপৰতা দেখুৱা পৰিলক্ষিত হৈছে দলটোৱে।পৰিষদীয় সমষ্টি দুটাৰ প্ৰাৰ্থী অংকুৰ দেউৰী আৰু দুলাল ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস,বটদ্ৰবা বিধায়িকা আঙুৰলতা ডেকাৰ লগতে নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই।


আঙুৰলতা ডেকাই তিৱা সাজপাৰ পিন্ধি তিৱা গীত পৰিবেশন কৰি চলালে নিৰ্বাচনী প্ৰচাৰ।সভাত উপস্থিত ডেকা-বুঢ়া,আইতাসকলেও নাচিলে কঁকাল ঘূৰাই।বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাষণত লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক তথা ডাঃ নজৰুল ইছলামক তীব্ৰ সমালোচনা কৰি থকা-সৰকা কৰে।বিধায়ক জন যোৱা ২৫ বছৰ ধৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈ কেৱল নিজৰ চিন্তাহে কৰিলে,সমষ্টিবাসী কোনো উন্নয়ন নকৰিলে।লগতে যোৱা ২৫ বছৰে বিধায়ক জনে ভেদাভেদৰ ৰাজনীতি কৰিলে,তিৱা সকলৰ কোনো উন্নয়নৰ কথা চিন্তা নকৰিলে বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে।লগতে ২০২১ ৰ বিধান সভা নিৰ্বাচনত লাহৰীঘাট বিধান সভা সমষ্টিৰ পৰা বিধায়ক ডাঃ নজৰুল ইছলামক বিদায় দি বিজেপিৰ বিধায়ক নিৰ্বাচিত হ'ব বুলি কয়। 


No comments