গণবাৰ্তা মৰিগাঁও ৮ ডিচেম্বৰ: মৰিগাঁও জিলাৰ মৈৰাবাৰীত আজি দিনৰ ভাগত নম্বৰবিহীন ট্ৰেক্টৰৰ খূন্দাত এগৰাকী ১০ বছৰীয়া কিশোৰ থিতাতে নিহত হোৱাক কেন...
গণবাৰ্তা মৰিগাঁও ৮ ডিচেম্বৰ: মৰিগাঁও জিলাৰ মৈৰাবাৰীত আজি দিনৰ ভাগত নম্বৰবিহীন ট্ৰেক্টৰৰ খূন্দাত এগৰাকী ১০ বছৰীয়া কিশোৰ থিতাতে নিহত হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে,মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া অঞ্চলত ইটা কঢ়িওৱা নম্বৰবিহীন ট্ৰেক্টৰে ১০ বছৰীয়া কিশোৰ আশ্ৰাফুল ইছলামে পথটো পাৰ হ'বলৈ লওতেই ট্ৰেক্টৰ খনে মোহাৰি লৈ যোৱাৰ ফলত থিতাতে নিহত হয়। মৈৰাবাৰী গাছতলা জ্ঞান বিকাশ বিদ্যাপীঠত অধ্যয়নৰত থকা ছাত্ৰ আশ্ৰাফুল থিতাতে মৃত্যু হোৱাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু হাতীমূৰীয়াৰ পৰা "নং ১" ইটাভাতাটো বন্ধ কৰাৰ জোৰদাৰ দাবী জনায় পৰিস্থিতি উত্তপ্ত কৰি তোলে।আনহাতে, উত্তেজিত ৰাইজে ইটাভাটাটোত প্ৰৱেশ কৰি তাত থকা শ্ৰমিক সকলৰ ঘৰত অগ্নিসংযোগ কৰি প্ৰায় ৩/৪ টা জুপুৰি ঘৰ ভস্মীভূত কৰে।পৰিস্থিতি বেয়ালৈ গতি কৰা বুলি অনুমান হোৱাত ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী আৰু মৰিগাঁৱৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাৰ নেতৃত্বত আৰক্ষী তথা চি আৰ পি এফৰ দল উপস্থিত হৈ উত্তেজিত ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে স্থানীয় দণ্ডাধীশ অৰূপ বিৰকামীয়াৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত অঞ্চলটোৰ পৰিৱেশ স্বাভাৱিক হৈ পৰে। ইফালে, উক্ত ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ চালকজনে পলায়ন কৰাৰ বিপৰীতে ঘটনা সংক্ৰান্তত মৈৰাবাৰী আৰক্ষীয়ে নম্বৰবিহীন ট্ৰেক্টৰখনৰ লগতে এ এচ ২১ চি ৯৮৫১ নম্বৰৰ এখন ডাম্পাৰ আৰু ৰাইজে লণ্ডভণ্ড কৰা এ এচ ২১ চি ৮৩২২ নম্বৰৰ এখন জেচিবি (এক্সেভেটৰ) জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
No comments