ষ্টাফ ৰিপ'ৰ্টাৰ: , গুৱাহাটী, ১৪ ডিচেম্বৰ : অসমৰ একাংশ সংবাদ মাধ্যমে গুৱাহাটী বাংলাদেশ হাই কমিছনৰ সহকাৰী উচ্চআয়ুক্ত শ্বাহ মহম্মদ তন্ভ...
ষ্টাফ ৰিপ'ৰ্টাৰ:, গুৱাহাটী, ১৪ ডিচেম্বৰ : অসমৰ একাংশ সংবাদ মাধ্যমে গুৱাহাটী বাংলাদেশ হাই কমিছনৰ সহকাৰী উচ্চআয়ুক্ত শ্বাহ মহম্মদ তন্ভিৰ মনছুৰৰ পত্নী মুনেৰা আজমৰ বিৰুদ্ধে ভুল প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী বাংলাদেশৰ কুটনৈতিক বিষয়াগৰাকীৰ পত্নী সম্পৰ্কত এটা ভুল বাতৰি পৰিৱেশন কৰি অযথা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰা হৈছে। উক্ত সংবাদ মাধ্যমে গুৱাহাটীৰ অন্যতম চিমেণ্ট প্ৰস্তুতকাৰী উদ্যোগ ‘টপ্চেম চিমেণ্ট’ৰ কৰ্পোৰেট কাৰ্যালয়ত মুনেৰা আজমক ‘ছিনিয়ৰ মেনেজাৰ’ হিচাপে নিযুক্তি দিয়া বুলি বাতৰি প্ৰকাশ কৰিছিল।
আমি বিশেষ সূত্ৰে জানিব পাৰিছো যে কূটনৈতিক বিষয়াগৰাকীৰ পত্নীক চিমেণ্ট প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কাৰ্যালয়ত কোনো ধৰণৰ নিযুক্তি দিয়া নাছিল। মুনেৰা আজম এগৰাকী উচ্চ শিক্ষিতা মহিলা। তেওঁ ‘ৰাছিয়ান স্কলাৰশ্বিপ’লৈ মস্কোৰ ‘পিপ’লচ ফ্ৰেণ্ডশ্বিপ ইউনিভাৰছিটী’ৰ পৰা বিশেষ কৃতিত্বৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেখেতৰ শিক্ষাৰ বিষয় আছিল ‘ইণ্টাৰনেচনেল মাৰ্কেটিং’।
গতিকে তেখেতে শিক্ষাগত মত-বিনিময় আৰু অভিজ্ঞতা সঞ্চয়ৰ বাবে টপ্চেম চিমেণ্টৰ গুৱাহাটীস্থিত কাৰ্যালয়লৈ কিছুদিন অহা-যোৱা কৰিছিল। তাকে দেখি তেখেতে তাত চাকৰি কৰা বুলি এটা মহলে অপপ্ৰচাৰ চলাব বিচাৰে। উল্লেখ্য যে উক্ত বাতৰিটো টপ্চেম চিমেণ্টৰ ব্যৱস্থানা মণ্ডলীৰ দৃষ্টিগোচৰ হোৱাৰ পাছত তেওঁলোকে স্পষ্টীকৰণ দি জনাই যে “বাংলাদেশৰ কোনো কূটনৈতিক বিষয়াৰ পত্নীক আমাৰ ফালৰ পৰা নিযুক্তি প্ৰদান কৰা হোৱা নাই। আমাৰ কোম্পানীৰ সৈতে তেখেতৰ কোনো সম্পৰ্ক নাই।” উক্ত স্পষ্টীকৰণৰ পাচত আচল সত্য ওলাই পৰে আৰু বাংলাদেশৰ সহকাৰী উচ্চআয়ুক্ত শ্বাহ মহম্মদ তন্ভিৰ মনছুৰৰ পত্নী মুনেৰা আজম যে টপ্চেম চিমেণ্টৰ কাৰ্যালয়ৰ চাকৰিয়াল নহয় সেই কথা স্পষ্ট হৈ পৰে।
No comments