Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চেঙাৰ মালিপাৰাত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণক লৈ উত্তেজনা

  গণ বাৰ্তা, চেঙা , ২২ডিচেম্বৰঃ  বৰপেটা জিলাৰ চেঙা প্ৰাথমিক  শিক্ষাখণ্ডৰ অন্তৰ্গত ৯২৫ নম্বৰ মালিপাৰা প্ৰাথমিক বিদ্যালয়ত আজি মধ্যাহ্ন ভোজনৰ ...

 


গণ বাৰ্তা, চেঙা , ২২ডিচেম্বৰঃ  বৰপেটা জিলাৰ চেঙা প্ৰাথমিক  শিক্ষাখণ্ডৰ অন্তৰ্গত ৯২৫ নম্বৰ মালিপাৰা প্ৰাথমিক বিদ্যালয়ত আজি মধ্যাহ্ন ভোজনৰ চাউল বিতৰণক লৈ এক উত্তেজনাৰ সৃষ্টি হয় । বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত অহা চাউল বিতৰণ কৰোঁতে চাউলৰ লগত দিয়া পঁচা আলু ,পঁচা পিয়াঁজ দেখি অভিভাৱকসকল ক্ষুণ্ণ হৈ পৰে আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে পৰিচিলনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ।  শিক্ষা বিভাগৰ এই আজৱকাণ্ডত হঠচকিত হৈ পৰে অভিভাৱকসকল । ঘটনাৰ বিৱৰণী অনুসৰি আজি মালিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰমা ডেকাৰ অনুপস্থিতিত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বাচেৰ আলীয়ে  বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মধ্যাহ্ন ভোজনৰ চাউলৰ লগতে পিয়াজ, আলু, নিমখ,কণী আৰু দালি বিতৰণ কৰিছিল । চাউলৰ লগত দিয়া আলু-পিয়াজবোৰৰ অৱস্থা দেখি অভিভাৱকসকল ক্ষোভিত হৈ পৰে । আলু-পিযাঁজবোৰ পঁচি যোৱাৰ সমান্তৰালকৈ দালিবোৰো খোৱাৰ অনুপযোগী হৈ পৰিছে । অভিভাৱকৰ ৰুদ্ৰমূৰ্তি দেখি  বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বাচেৰ আলীয়ে পলায়ন কৰে। প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰমা ডেকাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অভিভাৱক আৰু সচেতন লোক । পৰিচালনা সমিতিৰ সভাপতিৰ স'তে মিলি প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰমা ডেকাই মধ্যহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে ।  দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰমা ডেকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছে স্থানীয় ৰাইজে। এইক্ষেত্ৰত চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়া নৱজিৎ বায়নে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব।

No comments