গণবাৰ্তা বৰনৰ্দ্দী ২০ ডিচেম্বৰঃ - অসমীয়া জাতিয়ে নিজৰ ভাষা- সংস্কৃতিক সন্মান সহকাৰে আমাৰ স্বভীমান কৰি ৰাখিবলৈ হলে আমি জাতিক ধংস কৰিব বিচৰা বি...
গণবাৰ্তা বৰনৰ্দ্দী ২০ ডিচেম্বৰঃ - অসমীয়া জাতিয়ে নিজৰ ভাষা- সংস্কৃতিক সন্মান সহকাৰে আমাৰ স্বভীমান কৰি ৰাখিবলৈ হলে আমি জাতিক ধংস কৰিব বিচৰা বি জে পিক ৰাজনৈতিক ভাবে অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা বিদায় দিব লাগিব ৷অসমৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত আগৱঢ়া নলবাৰী জিলাই পৰিৱৰ্তন বিচাৰিছে ৷সেয়েহে সুদিৰ্ঘ ৩৫ টা বছৰে ধৰ্মপুৰীয়াৰ প্ৰলোভনৰ ৰাজনীতিৰে পংগু কৰিলে ৷এখন স্বাৱলম্বী আৰু প্ৰগতিশীল ধৰ্মপুৰ নিৰ্মানৰ লক্ষৰে অসম জাতীয় পৰিষদে ৰাইজৰ সহযোগিতা বিচাৰিছে ৷ আজি "অসম জাতীয় পৰিষদ" ধৰ্মপুৰ সমষ্টিৰ ২৪ নং মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়ত সমিতি খন গঠণ কৰি এই দৰে কয় অসম জাতীয় পৰিষদৰ উপ সভাপতি তথা ধৰ্মপুৰৰ প্ৰাৰ্থী ড° শিখৰ কুমাৰ শৰ্মাই ৷| "অসম জাতীয় পৰিষদ"ৰ নলবাৰী জিলা আহ্বায়ক বলেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সমিতি গঠনৰ সভাত ধৰ্মপুৰ সমষ্টিত কংগ্ৰেছ আৰু বি জে পিক প্ৰত্যাহ্বান জনোৱাৰ বাবে অ জা প কৰ্মী সকলে সংকল্প গ্ৰহণ কৰে | পশ্চিম চামতাৰ মল্লা পাৰা শিশু বিদ্যালয়ত অনুষ্ঠিত সভাত "অসম জাতীয় পৰিষদ"ৰ নলবাৰী জিলাৰ মূখ্য আহ্বায়ক সুৰেন শৰ্মাৰ ভাষণ প্ৰসংগত কয় যে বৰ্তমানৰ বি জে পি, অ গ প মিত্ৰজোটৰ চৰকাৰখন শ্ৰমিক, কৃষক আৰু নিবনুৱা বিৰোধী চৰকাৰ | এই চৰকাৰে তেওলোকৰ কাৰ্য্যকালত ৰেলৱে, প্ৰতিৰক্ষা, বেংক, উদ্যোগ আদি দেশৰ সম্পদক বৃহৎ পুঁজিপতি গোষ্ঠীৰ ওচৰত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ চলাইছে | তেও সকলো কৃষক, শ্ৰমিক, নিবনুৱা, সৰ্বসাধাৰণ ৰাইজ ঐক্যবদ্ধ হৈ ২০১২ৰ চনৰ নিৰ্বাচনত দিশপুৰৰ পৰা বি জে পি মিত্ৰজোটৰ চৰকাৰক ওফৰাই দিয়াৰ বাবে আহ্বান জনায় | সভাত তেওঁ আঞ্চলিক দল অ গ পৰ নেতা অতুল বৰা, কেশৱ মহন্ত, ফনীভূষণ চৌধুৰীক বি জে পিৰ দালাল বুলি অভিহিত কৰে | তেওলোকে চলোৱা দালালৰাজৰ বাবে অসমৰ মানুহে অসম গণ পৰিষদক প্ৰত্যাখ্যান কৰিছে | সভাত অঃ জাঃ পঃৰ উপ-সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ শিখৰ কুমাৰ শৰ্মাই কয় অসমত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ থাকিলেহে অসমৰ স্বাৰ্থ ৰক্ষা হব বুলি উল্লেখ কৰে। আজিৰ সভাত "অসম জাতীয় পৰিষদ"ৰ নলবাৰী জিলা আহ্বায়ক অলকেশ ঠাকুৰীয়াও উপস্থিত থাকে ।
No comments