Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পুণৰ বহিঃৰাজ্য বাংগালুৰুত হাউলীৰ যুৱতীক ধৰ্ষণ কৰি হত্যাঃ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

দিদাৰ হুছেইন,হাউলী,১৭ ডিচেম্বৰঃ  পুণৰ বহিঃৰাজ্য বাংগালুৰুত হাউলীৰ যুৱতী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অসমৰ লগতে হাউলী অঞ্চল...


দিদাৰ হুছেইন,হাউলী,১৭ ডিচেম্বৰঃ পুণৰ বহিঃৰাজ্য বাংগালুৰুত হাউলীৰ যুৱতী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অসমৰ লগতে হাউলী অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | জানিব পৰা মতে বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাউলীৰ সমীপৰ নগৰঝাৰ গাঁৱৰ স্বাস্থ্যকৰ্মী নাজিম উদ্দিন আহমেদৰ ওঠৰ বছৰীয়া ছোৱালী জেছমিনা আখতাৰ যোৱা সোমবাৰে বাংগালুৰুস্থ ইষ্ট- ওৱেষ্ট কলেজত বিএচছি নাৰ্চিং পঢ়িবলৈ সহপাঠী সকলৰ সৈতে উপস্থিত হৈছিল | বুধবাৰে তাত অধ্যয়নৰত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আনিচুৰ ৰহমানৰ লগত  কলেজৰ বাকী থকা মাচুল আদায় দিয়াৰ উদ্দেশ্যেৰে বেংকত টকা উলিয়াবলৈ গৈছিল | পিছত আনিচুৰ ৰহমানে তিনিজন সহপাঠীৰ সৈতে জেচমিনা আখতাৰক এক গোপন স্থানত নি উপৰ্যপুৰি ধৰ্ষণ কৰি হত্যা কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে | পাষণ্ড আনিচুৰে নিজৰ কু- অভিপ্ৰায় লুকোৱাৱলৈ অন্য ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ সময়তে স্থানীয়  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে | ইয়াৰ লগত জৰিত আন বাকী দুজনো এই বাতৰি লিখা পৰ লৈকে কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে | উক্ত ঘটনাত আমছুৰ উপ সভাপতি মহিবুৰ ৰহমান, যুৱ কংগ্ৰেছৰ বৰপেটা সমষ্টিৰ সভাপতি নূৰ ইনছান, জিলা আমছুৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি আব্দুল জুব্বাৰ আলী, বৰপেটা ব্লক কংগ্ৰেছৰ কিষাণ কংগ্ৰেছৰ সভাপতি ছফিউৰ ৰহমান, ইউ ডিএফৰ বৰপেটা জিলা সমিতিৰ সভাপতি ছামচ উদ্দিন আহমেদ,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদ আদিয়ে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম চৰকাৰক  উক্ত জঘন্য কাণ্ডৰ হস্তক্ষেপ দাবী কৰিছে |

No comments