Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি বকোত অসম জাতীয় পৰিষদৰ কুচ-কাৱাজ

  গনবাৰ্তা বকো,  ২৭ ডিচেম্বৰ : অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আবেগক প্ৰাধান্য দি জাতীয়তাবাদৰ নীতি আদৰ্শক সন্মান জনাই আজি বকোৰ ছমৰীয়াত আয...


 গনবাৰ্তা বকো,  ২৭ ডিচেম্বৰ : অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আবেগক প্ৰাধান্য দি জাতীয়তাবাদৰ নীতি আদৰ্শক সন্মান জনাই আজি বকোৰ ছমৰীয়াত আয়োজন কৰা হ'ল অসম জাতীয় পৰিষদৰ জনসভা। অসমত সদ্য গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ - অসম প্ৰথম ; সদায় আৰু চিৰদিন শীৰ্ষক শ্লোগানৰ প্ৰতি আকৰ্ষিত হৈ এচাম নৱ প্ৰজন্মৰ যুৱক স্বেচ্ছাই ওলাই আহিল অসম জাতীয় পৰিষদৰ ৰাজনৈতিক কুচ-কাৱাজত। উল্লেখ্য যে ; কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিতো ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি অসম জাতীয় পৰিষদৰ তৰফৰপৰা জনসভাৰ জৰিয়তে সমষ্টি দখলৰ কুচ-কাৱাজ আৰম্ভ কৰিছে। এই উপলক্ষে আজি ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰ তথা বকো সমষ্টিৰ উল্লেখনীয় স্থান ছমৰীয়াত আয়োজন কৰে এক জনসভাৰ।প্ৰকাশ্য যে ; অসম যুৱ শক্তি কামৰূপ জিলা সমিতিৰ মূখ্য আহ্বায়ক নজৰুল হুছেইন আৰু বিশিষ্ট যুৱ সমাজ কৰ্মী দ্বীপজ্যোতি দাসৰ তৎপৰতাত ভিন্ন স্থানৰ যুৱ কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি আজিৰ জনসভালৈ জনতাক আমন্ত্ৰণ জনায় সভা সফল কৰে। ইফালে ৰাজ্যত শাসনাধীন চৰকাৰে দেশৰ জনগনক আঁচনিৰ নামত প্ৰতাৰণা ; নিবনুৱা শিক্ষিত যুৱক - যুৱতীক চাকৰীৰ নামত প্ৰতাৰণা কৰা, চৰকাৰী শোষণ আৰু বঞ্চনা কৰা শাসনৰ পৰা মুক্তি বিচাৰি পৰিৱৰ্তনৰ আশাৰে নতুন প্ৰজন্মই জাতিৰ দায়িত্ব পালন কৰাৰ প্ৰয়াস কৰি নতুন ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি বকোৰ ছমৰীয়াত সমবেত হ'ল কেবাশতাধিক জনগন। আজিৰ জনসভাত বকো সমষ্টিৰ ভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক নতুন যুৱ ভোটাৰ অংশগ্ৰহণ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ( কেন্দ্ৰীয় সমিতি) দেৱজিৎ গোস্বামী ; জাতীয় যুৱ শক্তি সমিতিৰ ৰাজ্যিক আহ্বায়ক ছাইফুল ইছলাম, প্ৰাক্তন আছু কৰ্মী পৱন কলিতা আৰু অসম পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মিৰাজুল ইছলামকে ধৰি বহু কেইজন দলীয় কৰ্মী উপস্থিত থাকে। আজিৰ এই সভা খনত কংগ্ৰেছ, অ গ প , এ আই ইউ ডি এফ আৰু বিজেপিৰ কৰ্মী সকলে অংশ গ্ৰহণ কৰাত ৰাজনৈতিক দল কেইটাৰ ভৱিষ্যতৰ দিশে কি গতি কৰিব তাক লৈ ভোটাৰ ৰাইজৰ মাজত গুনাগাথা চলি থকা পৰিলক্ষিত হৈছে ৷

No comments