Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দিশে ধাৱমান চৰাইদেউ মৈদাম- উপায়ুক্তৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক।

গণ বাৰ্তা চৰাইদেউ ২৪ ডিচেম্বৰ : চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৰ (UNESCO) মঞ্চত উপস্থাপন কৰি বিশ্ব ঐতিহ্য ক্ষেত্...


গণ বাৰ্তা চৰাইদেউ ২৪ ডিচেম্বৰ : চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৰ (UNESCO) মঞ্চত উপস্থাপন কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আৰু সুনাম লাভ কৰিবৰ বাবে অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ লগতে চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসন, বিভিন্ন স্থানীয়; জাতীয়-জনগোষ্ঠীয় দল সংগঠন তথা সৰ্বস্তৰৰ ৰাইজৰ প্ৰচেষ্টা অব্যাহত আছে।বিগত বৰ্ষবোৰত এই সন্দৰ্ভত বহু কেইখন আনুষ্ঠানিক সভা-সমিতি ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে আৰু এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহে নিজ নিজ দ্বায়িত্ব- কৰ্তব্য পালন কৰি আহিছে।এনে সময়তে আজি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ সভাপতিত্বত এই সমগ্ৰ বিষয়টোকলৈ সংৰক্ষণ সমিতিৰ প্ৰথমখন সভা অনুস্থিত হৈ যায়। চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেড আৰমান আৰু তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউতে আঁ‌তধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দিপী ৰেখা ক'লিয়ে।সভাত চৰাইদেউ মৈদামৰ প্ৰত্নতাত্বিক স্থান সমূহৰ আন্তঃগাঠনিৰ উন্নয়নৰ বিভিন্ন দিশ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে অসম চৰকাৰে ইতিমধ্যে এই শিতানত খৰচ কৰিবৰ বাবে ২৫ কোটি টকাৰ প্ৰশাসনিক অনুমোদন দিছে।শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বড়াৰ লগতে প্ৰত্নতত্ব সঞ্চালকালয়ৰ সাংস্কৃতিক বিশেষজ্ঞ  ড° কে চি ন'ৰীয়াল, বুৰঞ্জীবিদ জীতেন বৰপাত্ৰগোঁহাই, দিলীপ বুঢ়াগোহাঁই, ভাৰতীয় প্ৰত্নতত্ব জৰীপৰ বিষয়া ড° বিমাল সিন্হা, অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, প্ৰত্নতত্ব সঞ্চালকালয়ৰ সংৰক্ষণ বিষয়া কংকনজ্যোতি শইকীয়া, ৰাজ্যিক প্ৰত্নতাত্বিক অভিযন্তা অজিত কুমাৰ বড়া, উপ সঞ্চালিকা ৰঞ্জনা শৰ্মা, উপ সঞ্চালক নৱজিত দেউৰী, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰ, মঙ্গলদৈ কলেজৰ সহযোগী অধ্যাপিকা ড° সংগীতা গগৈ, স্থানীয় সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰ আদি বিশিষ্ট ব্যক্তিসকলে সভাৰ আলোচনাত অংশগ্ৰহণ কৰে।বিশেষকৈ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সুৰক্ষা, সংৰক্ষণ, চিনাক্তকৰণ আদি বিষয় সমূহে আজিৰ আলোচনাত মূখ্য স্থান লাভ কৰে।উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া আৰু উপায়ুক্ত বিষ্ণু কমল বড়াই অনতিপলমে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ সকলোকে হাতে কামে নিজ নিজ কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।ইয়াৰ উপৰিও দুয়োজন উপায়ুক্তই স্থানীয় দল সংগঠন, প্ৰচাৰ মাধ্যম তথা সৰ্বস্তৰৰ ৰাইজক লগত লৈ এই সমগ্ৰ বিষয় সন্দৰ্ভত বিভিন্ন সজাগতামূলক কাৰ্যসূচী আৰম্ভ কৰাৰ বাবেও মত পোষণ কৰে। উল্লেখযোগ্য যে আজিৰ এই সভাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ বিভিন্ন তথ্য পাৱাৰ পইণ্টত বুৰঞ্জী বিশেষজ্ঞ সকলে উপস্থাপন কৰে।

No comments