Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ইউপিপিএলৰ চৰকাৰ গঠনৰ ৬ মাহৰ ভিতৰত সমাধান কৰা হ’ব ভূমি সমস্যা ঃ চিৰাঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়োৰ ঘোষণা

সঞ্জয় সৰকাৰ, কাজলগাঁও, ৭ ডিচেম্বৰ ঃ বিটিচিত যি পৰিমাণৰ পৰিৱৰ্তনৰ জোৱাৰ আহিছে তাক কোনো শক্তিয়েই ৰুধিব নোৱাৰে। ইউ পি পি এলে চৰকাৰ গঠন কৰাটো ইত...

সঞ্জয় সৰকাৰ, কাজলগাঁও, ৭ ডিচেম্বৰ ঃ বিটিচিত যি পৰিমাণৰ পৰিৱৰ্তনৰ জোৱাৰ আহিছে তাক কোনো শক্তিয়েই ৰুধিব নোৱাৰে। ইউ পি পি এলে চৰকাৰ গঠন কৰাটো ইতিমধ্যেই নিশ্চিত হৈ গৈছে। —এই মন্তব্য ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ। আজি চিৰাং জিলাৰ ৰুণীখাতাৰ পাৰ্শ্বৱৰ্তী আশ্ৰাবাৰীত চিৰাং জিলাৰ অন্তৰ্গত সাতোটা সমষ্টিৰ দলটোৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰি লগতে কয়— বি পি এফে বৰ্তমান তিনিটা কামেই কৰি আছে ঃ সৰ্বসাধাৰণ ভোটাৰ ৰাইজক ভয় খুৱাই আছে, মদ খুৱাই আছে আৰু টকা বিলাই আছে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত ৰাইজে ভয় কৰি চলিলে নহ’ব। বিগত সোতৰ বছৰে হাগ্ৰামাই কেৱল বিটিচিবাসী ৰাইজক ঠগি আহিছে । ৰাইজৰ টকাৰেই হাগ্ৰামাই বিশাল সম্পত্তিৰ মালিক হৈছে। 

ইউ পি পি এল চৰকাৰে এই দুৰ্নীতিৰ অনিয়মৰ বিচাৰ কৰিব আৰু দোষীসকলক জে’ললৈ পঠিয়াব। বি পি এফে ইউ পি পি এল শাসনলৈ আহিলে অন্য জনগোষ্ঠীৰ লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বুলি ভুৱা প্ৰচাৰ চলোৱা বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে ইমান দিনে হাগ্ৰামাই ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহা সকলো বিটিচিবাসী ৰাইজৰ ভূমিৰ সমস্যা ইউ পি পি এলৰ চৰকাৰ গঠনৰ ৬ মাহৰ ভিতৰত সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। বিশাল জনসমুদ্ৰক উদ্দেশ্যি সমউন্নয়ন, পদমৰ্যাদা, সমঅধিকাৰ ইউ পি পি এলৰ মূল লক্ষ্য বুলি উল্লেখ কৰি দলটোৰ সভাপতিগৰাকীয়ে শাসনলৈ অহাৰ পিছতেই প্ৰতিটো আত্মসহায়ক গোটকে ৭৫ হাজাৰ টকাকৈ অনুদান দিয়াৰ লগতে প্ৰতিবছৰে এক লাখকৈ নিবনুৱাক কৰ্মসংস্থাপন দিবলৈ দল বদ্ধপৰিকৰ বুলি কয়। প্ৰমোদ বড়োৱে আৰু কয়— ভয়-ভাবুকিৰে ৰাইজক বেছি দিন দমাই ৰাখিব নোৱাৰি। অতিষ্ঠ বিটিচিবাসী ৰাইজে সেয়ে এতিয়া শান্তি বিচাৰি পৰিৱৰ্তন বিচাৰি হিল-দ’ল ভাঙি ওলাই আহিছে। 

এই পৰিৱৰ্তনৰ স্বাৰ্থতে নিৰ্ভীক মনেৰে ইউ পি পি এলক ভোট দিবলৈ ৰাইজক আহ্বান জনায় প্ৰমোদ বড়োৱে। সভাত আন এগৰাকী বক্তা ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই কয়— বি টি চিত পৰিৱৰ্তনৰ জোৱাৰ আহিছে। এই পৰিৱৰ্তন শোষণকাৰী, অত্যাচাৰী বি পি এফক উৎখাত কৰাৰ পৰিৱৰ্তন। ইউ পি পি এলৰ চৰকাৰৰ জৰিয়তে বিটিচিবাসী ৰাইজে প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ সপোন দেখিছে। এইবাৰ চিৰাং জিলাৰ সাতোটা সমষ্টিৰ আটাইকেইটাতে ইউ পি পি এল জয়ী হোৱাটো নিশ্চিত বুলি উৰ্খাও গৌৰা ব্ৰহ্মই দাবী কৰে। আনহাতে ১৪ নং চিৰাংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী তথা এন ডি এফ বিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই আদৰণী ভাষণত কয়—  অত্যাচাৰী, অধৰ্মী, অহংকাৰী বি পি এফৰ চৰকাৰৰ এইবাৰ পতন নিশ্চিত। কিয়নো ইতিহাসে সদায় কয়— ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। 

কৌৰৱসকলে পাণ্ডৱসকলক বনবাস খাটিবলৈ বাধ্য কৰাৰ দৰে হাগ্ৰামা মহিলাৰীয়ে বি টি চিভাষীক ইমানদিনে বনবাসত ৰাখিছিল। এতিয়া বনবাসৰ অন্ত পৰিল। ইউ পি পি এলে দাম্ভিক দুৰ্নীতিৰ ৰজা হাগ্ৰামা নেতৃত্বাধীন বি পি এফক ক্ষমতাচ্যুত কৰি ধৰ্ম আৰু শান্তি প্ৰতিষ্ঠা কৰিব । দলটোৰ উপ-সভাপতি তথা ১৫ নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী প্ৰাক্তন এম চি এল এ ৰণগৌৰা নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত লোকাৰণ্য নিৰ্বাচনী জনসভাত চিৰাং জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ইউ পি পি এলৰ আটাইকেইগৰাকী প্ৰাৰ্থী উপস্থিত থাকে। সভাত ভাষণ প্ৰদান কৰি বিভিন্ন জনগোষ্ঠীৰ নেতাই বি পি এফৰ ভাবুকিত ভয় নাখাই মুকলি মনেৰে ইউ পি এলক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।

No comments