Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত ‘সংখ্যালঘু অধিকাৰ দিৱস’ পালন; একেখন মঞ্চত সমৱেত হ’ল ইছলাম, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ

ষ্টাফ ৰিপ’টাৰ, গুৱাহাটী, ১৮ ডিচেম্বৰ: আজি ‘সংখ্যালঘু অধিকাৰ দিৱস’ উপলক্ষে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্...


ষ্টাফ ৰিপ’টাৰ, গুৱাহাটী, ১৮ ডিচেম্বৰ: আজি ‘সংখ্যালঘু অধিকাৰ দিৱস’ উপলক্ষে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আজি সাওকুছিস্থিত এন ই এফ কলেজত অনুষ্ঠিত সংখ্যালঘু অধিকাৰ দিৱসত শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ আৰু ইছলাম সকলো ধৰ্মৰে প্ৰতিনিধি উপস্থিত থাকি দীৰ্ঘদিন ধৰি সংখ্যালঘুসকলে ভুগি থকা সমস্যাক লৈ আলোকপাত কৰে। সম্প্ৰতি উগ্ৰ হিন্দুত্বৰ বাবেই ধৰ্মীয় সংখ্যালঘুসকল বিভিন্ন ক্ষেত্ৰত শোষিত হোৱাৰ লগতে প্ৰাপ্য অধিকাৰৰ পৰাও বঞ্চিত হৈ আহিব লগা হৈছে বুলি সভাত উপস্থাপন কৰে বিভিন্ন প্ৰতিনিধিবৰ্গই। ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সভাপতি আতাউৰ ৰহমানে সভাপতিত্ব কৰা বৈঠকখনত এমৰান হুছেইন খন্দকাৰে উদ্দেশ্য ব্যাখ্যা কৰে। একেদৰে সভাখনৰ বিষয়-বস্তু দাঙি ধৰি আব্দুৰ ৰহিম শ্বেখে ৰাজ্যৰ সংখ্যালঘুসকলৰ সমস্যাৰ ওপৰত বিস্তৃত ৰূপত আলোকপাত কৰে। 

 
তেওঁ কয় যে বিশ্বৰ প্ৰত্যেকখন দেশতে ধৰ্মীয়, ভাষীক আৰু সাংস্কৃতিক বৈচিত্ৰতাৰে পৰিপূৰ্ণ জনসংখ্যা আছে। এই সংখ্যা কমো হ’ব পাৰে বেছিও হ’ব পাৰে। বিশ্বৰ প্ৰায়বোৰ দেশতে সংখ্যালঘুৰ বিৰুদ্ধে বৈষম্য, ঘৃণা, নিৰ্যাতন আৰু গণহত্যা প্ৰায় একেধৰণৰ। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে ১৯৪৮ চনৰ ১০ ডিচেম্বৰত মানৱ অধিকাৰ চনদৰ দ্বাৰা সকলো ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত সমান অধিকাৰ ঘোষণা কৰিছে। গণতান্ত্ৰিক সমাজ এখনত ব্যক্তিৰ ধৰ্মীয়, জাতিগত, সাংস্কৃতিক আৰু ভাষীক সংখ্যালঘুৰ সুৰক্ষা আৰু সংৰক্ষণত গুৰুত্ব প্ৰদান কৰা হৈছে। শিখ সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰি খালছা উত্তৰ-পূব সেৱা সমিতিৰ অধ্যক্ষ  কেপ্টেইন পি পি সিঙে কয় যে ভাৰতবৰ্ষৰ দৰে এখন ধৰ্মনিৰপেক্ষ দেশত ব্যক্তি এজনক ধৰ্মীয় পৰিচয়েৰে চিনাক্ত কৰাৰ বিপৰীতে ব্যক্তিজনৰ গুণাগুণ তথা মানৱীয় দিশটোৰ প্ৰতিহে অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন।

সম্প্ৰতি দেশত মানুহ এজনক ধৰ্মৰ আধাৰ কৰি ব্ৰেণ্ডিং কৰা হয় বুলি ক্ষোভ ব্যক্ত কৰি ধৰ্মীয় সংখ্যালঘুসকলে দীৰ্ঘদিন ধৰি ভেদভাবৰ সন্মুখীন হৈ থকাৰ উপৰি সামাজিকভাৱেও এলাগী কৰা পৰিলক্ষিত হৈছে। এই সকলো দিশ মানৱতাৰ পৰিপন্থী বুলি উল্লেখ কৰি আমি ধৰ্মীয় নিৰপেক্ষ দেশত উন্নয়নৰ হকে মানৱীয়তাক প্ৰাধান্য দিয়াটো প্ৰয়োজন বুলি উল্লেখ কৰে। আনহাতে বৌদ্ধ ধৰ্মক প্ৰতিনিধিত্ব কৰি খামানন্দ ভিক্ষুৱে কয় যে বৌদ্ধসকল অসমত অতি সামান্য। উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট আৰু কাৰ্বি আংলঙত বৌদ্ধ লোকসকল বসবাস কৰে যদিও বিভিন্ন সা-সুবিধাৰ পৰা তেওঁলোক এতিয়াও বঞ্চিত হৈ আছে বুলি ক্ষোভ ব্যক্ত কৰাৰ লগতে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়ে সংখ্যালঘু অধিকাৰ দিৱস উদ্‌যাপন কৰি সংখ্যালঘুৰ প্ৰাপ্যৰ বাবে লোৱা প্ৰচেষ্টাক আদৰণি জনায়। আনহাতে জৈন ধৰ্মৰ পৰা ৰমেশ জৈনে ভাষণ প্ৰদান কৰি কয় যে জৈনসকলক দীৰ্ঘদিন ধৰি ধৰ্মীয় সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে আগ্ৰহ প্ৰকাশ কৰা নাই। অসমত থকা জৈন সম্প্ৰদায়ৰ লোকে ছাত্ৰ বৃত্তিৰ বাবে আবেদন কৰিলেও লাভ নকৰে বুলি তেওঁ উল্লেখ কৰে। আনকি সংখ্যালঘু ব’ৰ্ডৰ হাতত জৈন সম্প্ৰদায়ৰ লোকৰ কোনো তালিকা নাই বুলিও উল্লেখ কৰি ৰাজনৈতিক ক্ষেত্ৰত জৈন সম্প্ৰদায়ৰ লোক পিছ পৰি আছে বুলি উল্লেখ কৰে।

আনহাতে  খ্ৰীষ্টান ধৰ্মৰ পৰা লুকাচ মুৰ্মুৱে ভাষণ প্ৰদান কৰি সংখ্যালঘুৱে সন্মুখীন হৈ অহা সমস্যাৰ কথা উল্লেখ কৰাৰ লগতে মানৱীয়তাক অগ্ৰাধিকাৰ দিবলৈ আহবান জনায়। ইপিনে সভাত অংশ লৈ বৰপেটাৰ সাংসদ আব্দুল খালেকে কয় যে বিজেপি চৰকাৰে ‘কা’ৰ যোগেদি ধৰ্মীয় আতিশয্যৰ চিকাৰ হোৱা লোকক ভাৰতত স্থান দিয়াৰ কথা কয় যদিও পাকিস্তানত দীৰ্ঘদিন ধৰি আহমদীয়া মুছলমানসকলে আতিশয্যৰ বলি হোৱাৰ পিছতো ভাৰতত সংস্থাপন দিয়াৰ ক্ষেত্ৰত বিবিধ মত আগবঢ়ায়। ইয়ে বিজেপিৰ হিন্দুত্ববাদীৰ চৰিত্ৰক উদঙাই দিয়ে বুলি উল্লেখ কৰি সংখ্যালঘুৰ উন্নয়নৰ বাবে পৃথক বিভাগ এটা গঠন কৰাৰ পোষকতা কৰে। তদুপৰি  ধৰ্মীয় সংখ্যালঘুসকলৰ আৰু ৰাজনৈতিক নেতাৰ মাজৰ দূৰত্ব কমাই আনি চৰকাৰৰ তৰফৰ পৰা লাভ কৰা সুবিধাসমূহ যাতে সঠিক ৰূপত প্ৰদান কৰিব পৰা যায় সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ সকলোকে আহবান জনায়। ইপিনে ইছলাম ধৰ্মৰ পৰা বক্তব্য আগবঢ়াই অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মেহতাবউদ্দিন আহমেদে কয় যে সংখ্যালঘু আয়োগৰ দ্বাৰা উন্নয়নৰ বাবে চৰকাৰে উদ্যোগ লয় যদিও অধিক ধন প্ৰদান নকৰে। এই ক্ষেত্ৰত এখন এক্সন কমিটী গঠন কৰি যাতে চৰকাৰী সা-সাহায্যসমূহ সংখ্যালঘুৱে লাভ কৰিব পাৰে সেই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিবলৈ আহবান জনায়।

বৈঠকত অংশ লৈ আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয় যে সংখ্যালঘুৰ উন্নয়নৰ বাবে এটা সুকীয়া বিভাগ থাকিব লাগে। তদুপৰি আবণ্টিত পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে, যাতে সকলো ধৰ্মৰ সংখ্যালঘু লোকসকলে সুবিধা লাভ কৰিব পাৰে। এই ক্ষেত্ৰত আন ধৰ্মীয় সংখ্যালঘুৰ তুলনাত মুছলমানসকল অধিক শক্তিশালী হোৱা বাবে শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান আদি ধৰ্মাৱলম্বীক আগবঢ়াই অনাৰ ক্ষেত্ৰত দায়িত্ব ল’ব লাগে বুলি তেওঁ উল্লেখ কৰে। সভাত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সম্পাদক তথা আহবায়ক ছাহজাহান তালুকদাৰে সংখ্যালঘু আয়োগক হেঁচা প্ৰয়োগ কৰাৰ বাবে এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰাৰ আহবান জনোৱাৰ লগতে এই সমিতিৰ দ্বাৰা সংখ্যালঘু আয়োগক স্মাৰক-পত্ৰ দি যাতে আয়োগ গঠন হ’লে শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ আৰু ইছলাম ধৰ্মৰ পৰা এজনকৈ প্ৰতিনিধিক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰে তাৰ ব্যৱস্থা কৰিবলৈ আহবান জনায়।

আজিৰ সভাত উইলিয়াম এক্কা, অশোক জৈন, নাজিৰ হুছেইন সৰকাৰ, আব্দুৰ ৰেজ্জাক, আফ্ৰিদা হুছেইন, ড০ চৈয়দ মুস্তাক হুছেইন, এ এইচ খন্দকাৰ, ‘দৈনিক গণ অধিকাৰ’ৰ সম্পাদক ড০ জাকিৰ হুছেইন, নাজিবুল ইছলাম, আব্দুল বাছাৰ, এ এছ তাপাদাৰ, আব্দুল কায়ুম আল-আমান, আব্দুল বাতিন খন্দকাৰ, ৰমিছা বেগম, ফিৰোজ আহমেদ, মতিউৰ ৰহমান, মাজেদুৰ ৰহমান, মিন্নাতুল ইছলামকে আদি কৰি পঞ্চাশজনতকৈও অধিক লোক উপস্থিত থাকে।




No comments