গণ বার্তা, আমগুৰি ৩১ ডিচেম্বৰ: আধুনিক যুগৰ কৰ্মব্যস্ত মানুহ। বিভিন্ন কৰ্মৰ তাগিদাত মানুহ চহৰমুখী হোৱাৰ লগতে কৰ্মৰ বোজাৰ পৰা পৰিত্ৰাণ পাবল...
গণ বার্তা, আমগুৰি ৩১ ডিচেম্বৰ: আধুনিক যুগৰ কৰ্মব্যস্ত মানুহ। বিভিন্ন কৰ্মৰ তাগিদাত মানুহ চহৰমুখী হোৱাৰ লগতে কৰ্মৰ বোজাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে বিচাৰে অৱসৰ বিনোদনৰ বাবে কিছু নিৰিবিলি পৰিবেশ। এনেবোৰ কথা হৃদয়ঙ্গম কৰি শেহতীয়াকৈ যোৰহাটৰ জিলাৰ চেলেংহাত অঞ্চলৰ কুকুৰাচোৱা গাঁওৰ এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত নিজৰ পুৰণি আপোন ঘৰখনত প্ৰিয়াংকানাঙ দত্ত নামৰ উচ্চ শিক্ষিত যুৱতী গৰাকীয়ে গঢ়ি তুলিছে এক বিশেষ অৱসৰ বিনোদনৰ ব্যৱস্থা। তেওঁ সমগ্ৰ যি ক্ষেত্ৰ তাৰ নাম ৰাখিছে সপোনৰ পজাঁ।এই মনোৰম পৰিবেশত নিৰ্মিত সপোনৰ পজাঁত গাওঁলীয়া পৰিবেশত জন্মদিন, সভা সমিতি আদি বিভিন্ন অনুষ্ঠান যিকোনো লোকে পালন কৰিব পাৰিব। লগতে তেওঁ বৰ্তমান এটি পৰিয়াল থাকিব পৰাকৈ এটি কটেজ আৰু কেইবাটাও তম্বু তৰিব পৰা ব্যৱস্থা কৰিছে। যত মানুহে কৰ্ম ক্ষেত্ৰৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যে দুই এদিন যান্ত্ৰিক পৰিবেশৰ পৰা প্ৰকৃতিৰ লগত কটাব পাৰিব । উদ্যোগী যুৱতী দত্তই জনোৱা মতে বৰ্তমান অৱস্থাত পৰীক্ষামূলক ভাবে আৰম্ভ কৰা এই প্ৰতিষ্ঠানটো পৰৱৰ্তী সময়ত এক নিদিষ্ট ৰূপত আগুৱাই নিয়াৰ লগতে সমগ্ৰ অঞ্চলটোত এনে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিস্থান স্থাপন কৰি নিবনুৱা সমস্যা দূৰীকৰণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।
No comments