গণবার্তা, নুমলীগড়, ২৪ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে কংকণজ্যোতি শইকীয়া...
গণবার্তা, নুমলীগড়, ২৪ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে কংকণজ্যোতি শইকীয়াই। বৰ্তমান গোলাঘাট নগৰৰ বাসিন্দা কংকণজ্যোতি শইকীয়া সাফল্যত জন্মস্থান মৰঙিৰ পোৰাজংঘলত আনন্দৰ জোৱাৰ উঠিছে। সৰুৰেপৰা মেধাৱী ছাত্ৰ কংকণজ্যোতিয়ে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়িক সহায়ক হিচাপে কৰ্মৰত হৈ আছে।
No comments