Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কেওট সম্প্ৰদায়ৰ নামত মনোনীত এম চি এল এ নিশাৰ ভিতৰতে কলিতা জনগোষ্ঠীৰ বুলি উল্লেখ কৰাত ক্ষোভ

  গণবাৰ্তা বিশেষ  ওদালগুৰি , ১৯ ডিচেম্বৰ:  বিটিচিত কেওট সম্প্ৰদায়ৰ পৰা  MCLA মনোনীত কৰাৰ পিছত তেখেত   জনগোষ্ঠীয় পৰিচয়কলৈ বিতৰ্ক হোৱাত শেষত ত...

 


গণবাৰ্তা বিশেষ  ওদালগুৰি , ১৯ ডিচেম্বৰ: বিটিচিত কেওট সম্প্ৰদায়ৰ পৰা  MCLA মনোনীত কৰাৰ পিছত তেখেত   জনগোষ্ঠীয় পৰিচয়কলৈ বিতৰ্ক হোৱাত শেষত তেখেতক সলনি কৰাৰ পৰিৱৰ্তে কলিতা সম্প্ৰদায়ৰ বুলি তেখেতক  MCLA হিচাপে বাহাল  ৰখাত কেওট জনগোষ্ঠীক  অপমানিত কৰা বুলি ৭০ লাখ কেওট জনগোষ্ঠীৰ লোকে অনু্ভৱ কৰিছে। শুক্ৰবাৰে সংবাদ মেল যোগে কেওট জনগোষ্ঠীৰ পৰা  MCLA মনোনীত কৰিবলৈ দাবী জনায় ওদালগুৰি জিলা কেওট জাতীয় পৰিষদে। কেওট সম্প্ৰদায়ৰ নামত মনোনীত হোৱা এম চি এ প্ৰদীপ কুমাৰ বায়নৰ জনগোষ্ঠীয় পৰিচয়কলৈ  চৰ্চা চলি থকাৰ মাজতে  কালি পুনৰ  পুনৰ এখন পত্ৰ যোগে তেও কলিতা সম্প্ৰদায়ৰ পৰা মনোনীত প্ৰাৰ্থী বুলি উল্লেখ কৰে বিটিচি প্ৰশাসনে । এই ঘটনাৰ পিছতে আজি কেওট সকলক অপমানিত কৰাৰ অভিযোগ কৰি জাঙুৰ খাই উঠে কেওট জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতি। ওদালগুৰিত এখন সংবাদমেল সম্বোধন কৰি এনে অপমানজনক ঘটনাৰ বাবে সৰব হৈ পৰে সংগঠনটো। প্ৰদীপ কুমাৰ বায়নে নিজকে কেওট হিচাপে পৰিচয় দিয়াকলৈও সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে।  ইপিনে বায়নে নিজকে কেওট বুলি পৰিচয় দিয়াৰ পিছত তেখেত কেওট নহয় বুলি স্পষ্ট হোৱাত বিটিচি প্ৰশাসনে  পুনৰ এক পত্ৰ যোগে একেজন মানুহকে পুনৰ এবাৰ কলিতা জনগোষ্ঠীৰ বুলি উল্লেখ কৰা সন্দৰ্ভতো সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে। এই সন্দৰ্ভত বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক ভুমিকাতো অসন্তুষ্ট প্ৰকাশ কৰে সভাপতি যাদৱ ডেকাই। এই সংবাদমেল যোগে  আগন্তুক ৭ দিনৰ ভিতৰত পুনৰ এজন কেওট প্ৰতিনিধিক এম চি এল এ হিচাপে মনোনীত কৰিবলৈও সময় বান্ধি দিয়ে কেওট জাতীয় পৰিষদে।

                         ইপিনে কলিতা জনগোষ্ঠীৰ অৰ্পনা মেধী সাধাৰণ শ্ৰেণীৰ কোটাত এম চি এল এ হিচাপে মনোনীত হোৱাৰ পিছত  পুনৰ এজন কলিতা জনগোষ্ঠীৰ পৰা এম চি এল এ মনোনীত কৰাত এটা জনগোষ্ঠীৰ পৰাই দুজনকৈ এম চি এল এ মনোনীত কৰি বাকী জনগোষ্ঠী সমূহক বঞ্চিত কৰা সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰে ওদালগুৰি জিলা কেওট জাতীয়  পৰিষদে।
ওদালগুৰি জিলা কেওট জাতীয় পৰিষদৰ সভাপতি যাদৱ ডেকা আৰু কাৰ্যকৰী সভাপতি মুকুট দাসে সম্বোধন কৰা এই সংবাদমেল যোগে প্ৰয়োজনত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে।

No comments