Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কা' প্ৰত্যাহাৰ-অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত ৰাজহুৱা মুণ্ডন

ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন-২০১৯ চমুকৈ 'কা'ৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰিছে বিভিন্ন দল-সংগঠন। &#...


ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন-২০১৯ চমুকৈ 'কা'ৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰিছে বিভিন্ন দল-সংগঠন। 'কা' প্ৰত্যাহাৰ আৰু কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি প্ৰদানৰ দাবীত আজি নগাঁৱত ১০ গৰাকী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই সমুহীয়া মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰে। চহৰখনৰ হয়বৰগাঁও আৰক্ষী থানাৰ সন্মুখত কৃষক সংগঠনটোৰ দহগৰাকী সদস্যই এইদৰে সমুহীয়া মুণ্ডন কৰে। মুণ্ডন কৰা সদস্য কেইজন হ'ল- নবী হুছেইন, ছাইফুল ইছলাম, মুছলেম উদ্দিন, মফিদুল ইছলাম, ৰকি আহমেদ, মুছফিকুৰ ৰহমান, সঞ্জয় সুত্ৰধৰ, ৰাজু দাস, ফাতেম আলী, মজিবুৰ ৰহমান আৰু মুজাম্মিল হক চৌধুৰী। তেওঁলোকে সমুহীয়া মুণ্ডন কৰাৰ পিছত নগাঁও চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। 

Attachments area

No comments