গণবাৰ্তা,সোণতলী, ২০ ডিচেম্বৰ-কমৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত আৰাফা ৰয়েল একাডেমী প্ৰাঙ্গণত অহা ১,২আৰু ৩ জানুৱাৰী তাৰিখে তিনিদিনী...
গণবাৰ্তা,সোণতলী, ২০ ডিচেম্বৰ-কমৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত আৰাফা ৰয়েল একাডেমী প্ৰাঙ্গণত অহা ১,২আৰু ৩ জানুৱাৰী তাৰিখে তিনিদিনীয়া কৈ দিবা-নৈশ প্ৰাইজমানি ভলীবল খেল প্ৰতিযোগীতাৰ আয়োজন কৰিছে।পুৰান গাঁও এথেলেটিকচ ক্লাৱৰ উদ্যোগত আৰাফা ৰয়েল একাডেমীৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া ভলীবল খেলৰ প্ৰথম আৰু দ্ধিতীয় পুৰস্কাৰ ১০,০০১ আৰু৫,০০১ টকাৰ লগতে ট্ৰফী প্ৰদান কৰিব।তদুপৰি শ্ৰেষ্ট খেলেৱৈ গৰাকীক ট্ৰফী প্ৰদান কৰিব বুলি আয়োজক সমিতিৰ সভাপতি আৰু সম্পাদক নুৰ আলম খান,ৰহমত উল্লাহে জানিবলৈ দিছে।ইচ্ছুক প্ৰতিযোগী দলক ৯৫৭৭২ ৪২৮২৭ ,নাইবা ৭০০২৭ ২০৪৬৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।
No comments