Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভোট গ্ৰহণৰ দিনটোত চিৰাঙ দত্তপুৰ , খুংগ্ৰীং , বাসুগাঁৱত বিক্ষিপ্ত হিংসা; দত্তপুৰত পলিং বিষয়াক শাৰীৰিক ভাবে অপদস্থ

সঞ্জয় সৰকাৰ , কাজলগাঁও , ১০ ডিচেম্বৰঃ আজি অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ বি টি চি পৰিষদীয় নিৰ্বাচনত চিৰাং জিলাত একাধিক বিক্ষিপ্ত ঘটনা ঘটাৰ বাতৰ...



সঞ্জয় সৰকাৰ , কাজলগাঁও , ১০ ডিচেম্বৰঃ আজি অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ বি টি চি পৰিষদীয় নিৰ্বাচনত চিৰাং জিলাত একাধিক বিক্ষিপ্ত ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে । আনকি জিলাখনৰ এটা ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চালনা পৰ্যন্ত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । প্ৰাপ্ত খবৰ অনুসৰি জিলাখনৰ কাজলগাঁও মহকুমাৰ অন্তৰ্গত ৮৫ নং দত্তপুৰ ভোট গ্ৰহণ কেন্দ্ৰত তৃতীয় পলিং বিষয়াগৰাকীয়ে এগৰাকী ভোটাৰক এটা বিশেষ ৰাজনৈতিক দলক ভোট প্ৰদান কৰিবলৈ দেখুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰি একাংশ লোকে পলিং বিষয়াগৰাকীক শাৰীৰিক ভাবে অপদস্থ কৰে । ইয়াকে লৈ ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত বি পি এফ আৰু ইউ পি পি এলৰ সমৰ্থকসকলৰ মাজত হতাহতি হয় । পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত আৰক্ষী মোতায়েন কৰিবলগীয়া হয় । আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি উত্তেজিত ৰাইজক ছত্ৰভংগ দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইপিনে পলিং বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, এগৰাকী বৃদ্ধই কেনেকৈ ভোটটো দিব লাগে নাজানে বুলি কোৱাত তেওঁ বুজাইহে দিছিল । 


উত্তপ্ত পৰিস্থিতিৰ বাবে ৪০ মিনিট মান সময় ভোট গ্ৰহণ কাৰ্য স্থগিত ৰাখিবলগীয়া হয় যদিও পৰৱৰ্তী সময়ত সুকলমে ভোট গ্ৰহণৰ সামৰণি পৰে। বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ইপিনে জিলাখনৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ অন্তৰ্গত ১৮ নং খুংগ্ৰীং ভোট গ্ৰহণ কেন্দ্ৰত বি এল অ' গৰাকীয়ে বি পি এফৰ পক্ষে পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত বি পি এফ আৰু ইউ পি পি এলৰ সমৰ্থকসকলৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণত কেবাজনো লোক আহত হোৱাৰ লগতে কেবাখনো চাৰিচকীয়া বাহনৰ ক্ষতি সাধন হয় । আৰক্ষীয়ে লাঠি চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে কেন্দ্ৰটোত বি পি এফৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ তুলি ইউ পি পি এলৰ সমৰ্থকসকলে ভোট গ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। একেদৰে বাসুগাঁৱত মন্ত্ৰী চন্দন ব্ৰহ্মই নীতিবহিৰ্ভুত ভোট গ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়। ৰাইজে পিছত মন্ত্ৰীগৰাকীক আতৰাই পঠিয়াই। আনহাতে বাসুগাঁৱৰ এটা ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰাৰ পিছত বি পি এফৰ সমৰ্থকৰ গাড়ী এখন ইফালে-সিফালে ঘূৰি থকা প্ৰত্যক্ষ কৰি ইউ পি পি এলৰ সমৰ্থকসকলে ভোট গ্ৰহণৰ বাবে নিয়োজিত বাহনসমূহ আৱদ্ধ কৰি ৰাখে।পিছত আৰক্ষীয়ে বাসুগাঁও থানালৈ আনি কঠোৰ নিৰাপত্তাৰ মাজেৰে ভোট গণনা কেন্দ্ৰলৈ লৈ আহে। এনেদৰে জিলাখনৰ একাধিক স্থানত দুই এটা বিক্ষিপ্ত ঘটনা ঘটাৰ বাহিৰে সামগ্ৰিক ভাৱে জিলাখনত ভোট গ্ৰহণ শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হোৱা বুলি ক'ব পাৰি। জিলাখনৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বি টি চিৰ প্ৰাক্তন ডেপুটি চীফ খাম্পা বৰগয়াৰী, প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম, ইউ পি পি এলৰ উপ-সভাপতি তথা প্ৰাক্তন এম চি এল এ ৰণগৌৰা নাৰ্জাৰীৰ দৰে শীৰ্ষ নেতাৰ ভাগ্য বেলট বাকচত বন্দী হ'ল। ভোট গ্ৰহণৰ সা সামগ্ৰী সকলোখিনি সুৰক্ষিত থকা বুলি আৰক্ষীয়ে জানিব দিছে ৷ জিলাখনত ভোট গ্ৰহণৰ হাৰ প্ৰায় ৮০ শতাংশ হ'ব বুলি জিলা প্ৰশাসন সূত্ৰে জানিবলৈ দিয়ে ।

No comments