Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লেখাপানীত টাই ভাষাৰ স্নাতকোত্তৰ ডিগ্ৰীত প্ৰথম স্থান দখল দুই কৃতি ছাত্ৰীক তাই আহোম যুৱ পৰিষদ আৰু তাই আহোম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

গণ বার্তা, লেখাপানী, ৭  ডিচেম্বৰ :  এটা জাতিৰ ভাষা থাকিলেহে এটা জাতিৰ অস্তিত্ব থাকিব , আনহাতে যি সময়ত তাই আহোম জনগোষ্ঠীৰ লোক সকলৰ মাজত টাই ভ...


গণ বার্তা, লেখাপানী, ৭  ডিচেম্বৰ :  এটা জাতিৰ ভাষা থাকিলেহে এটা জাতিৰ অস্তিত্ব থাকিব , আনহাতে যি সময়ত তাই আহোম জনগোষ্ঠীৰ লোক সকলৰ মাজত টাই ভাষা আৰু লিপি বিলুপ্তি দিশে যোৱাৰ চৰ্চা চলি থকাৰ মাজতেই তিনিচুকীয়া জিলাৰ লেখাপানীৰ অন্তৰ্গত কেনিয়া গাঁৱৰ দুই শিক্ষিত যুৱতীয়ে ইতিমধ্যে সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  টাই ভাষাৰ স্নাতকোত্তৰ ডিগ্ৰী ফলাফল পোৱাৰ পাছতো ১৬ গৰাকী শিক্ষাৰ্থী ভিতৰত প্ৰথম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই অনাৰ লগে লগেই টাই আহোম জনগোষ্ঠীৰ মাজত আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । লেখাপানীৰ কেনিয়া গাঁৱত তাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি, তিনিচুকীয়া জিলা সমিতি , মাৰ্ঘেৰিটা মহকুমা সমিতি, টিৰাপ জাগুন আঞ্চলিক সমিতি আৰু তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি , পাটকাই আঞ্চলিক সমিতিৰ বিষয়ববীয়া এটি বৃহৎ দলে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পৰা তাই ভাষাত স্নাতকোত্তৰ ডিগ্ৰীত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা দুই কৃতি ছাত্ৰী কেনিয়া গাঁৱৰ তৃষ্ণা গগৈ আৰু নমিতা হাতীমূৰীয়াক বিশেষ সম্বৰ্ধনাৰে উৎসাহ উদ্দীপনা জনাই । সংগঠন কেইটাই ছাত্ৰী কেইগৰাকীৰ বাসগৃহত টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক চাও নৱজিত বৰুৱা,টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সভাপতি চাও জানা সন্দিকৈ ,কাৰ্যকৰী সভাপতি চাও প্ৰমোদ গগৈ ,উপ সভাপতি চাও দেৱজিত ফুকন ,মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে চাও অজিত বেজবৰুৱা আৰু চাও মহেন্দ্ৰ গগৈ, সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি চাও টিলেশ্বৰ গায়ন,টাই আহোম যুৱ পৰিষদ টিৰাপ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে চাও সুশীল গগৈ আৰু চাও মিলন গগৈ লগতে সংগঠন কেইটাৰ বহু বিষয় ববীয়া উপস্থিত হৈ ছাত্ৰী কেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।আৰু ছাত্ৰী কেইগৰাকীৰ এই সফলতাক শলাগ লৈ টাই ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব পাৰি এই সন্দৰ্ভত উপস্থিত থকা বিভিন্ন জনে সাৰুৱা মন্তব্য প্ৰদান কৰে।  ( লেখাপানীৰ পৰা শৰৎ গগৈ  )


No comments