গণ বাৰ্তা,ফিল'বাৰী,১৯ ডিচেম্বৰঃ অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত দ্বাদশ বাৰ্ষিক আমন্ত্ৰণ মুলক বদৌচা কাপৰ গ্ৰুপ এফৰ আজি এখন খন অনুষ্ঠিত হ...
গণ বাৰ্তা,ফিল'বাৰী,১৯ ডিচেম্বৰঃ অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত দ্বাদশ বাৰ্ষিক আমন্ত্ৰণ মুলক বদৌচা কাপৰ গ্ৰুপ এফৰ আজি এখন খন অনুষ্ঠিত হয় ফিল'বাৰী হাইস্কুলৰ খেলপথাৰত।খেল অনুষ্ঠিত হোৱা আগমুহুৰ্তত বদৌচা স্পৰ্টছ ক্লাৱৰ পতাকা উত্তোলন কৰে তিনিচুকীয়া ক্ৰীড়া সন্থাৰ উপ-সভাপতি কেশৱ বৰাই আৰু ফিল'বাৰী ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি কুলেশ্বৰ ফুকনে।খেল উদ্বোধন কৰে ফিল'বাৰী চাহ বাগিচাৰ পৰিচালক সঞ্চালক ভজন পাল সিং।আজি বদৌচা কাপৰ গ্ৰুপৰ এফৰ খেল অনুষ্ঠিত হয় ফিল'বাৰী এফ চি বনাম টঙনা এফ চিৰ মাজত।বদৌচা কাপৰ গ্ৰুপৰ এফৰ আজি খেল ফিল'বাৰী এফ চি আৰু টঙনা এফ চি মাজত হোৱা খেল গ'ল শূন্য সমাপ্ত হোৱাত দুয়োটা দলে পইণ্ট ভগাই লয়।আজিৰ খেল পৰিচালনা কৰে পদ্ম চাউৰক,সহযোগী মৃদুল বৰপাত্ৰ গোহাঁই আৰুনয়ন চাউৰক,চতুৰ্থ ৰেফাৰী ৰাতুল মৰাণ।আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰে ফিল'বাৰী এফ চি দলৰ পাৰ্থ শইকীয়াই।আজিৰ উদ্বোধনী খেলত অতিথি উপস্থিত থাকে ফিল'বাৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালি নেওগ,ফিল' বাৰী থানাৰ প্ৰভাৰী পুহেশ্বৰ দাস, ফিল'বাৰী জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।
No comments