Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাহৰীঘাটৰ উদকাটি প্ৰাথমিক বিদ্যালয়ত সংখ্যালঘু ছাত্র বৃত্তিৰ নামত ব্যাপক লুণ্ঠন

  গণবাৰ্তা,ভূৰাগাঁও,২০ ডিচেম্বৰঃ মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত উদকাটি প্ৰাথমিক বিদ্যালয়ত সংখ্যালঘু ছাত্র বৃত্তিৰ আবেদনৰ নামত ...

 


গণবাৰ্তা,ভূৰাগাঁও,২০ ডিচেম্বৰঃ মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত উদকাটি প্ৰাথমিক বিদ্যালয়ত সংখ্যালঘু ছাত্র বৃত্তিৰ আবেদনৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ বিদ্যালয় খনৰ প্ৰধান শিক্ষক ছমিৰ উদ্দিন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল মজিদৰ বিৰুদ্ধে। ছাত্র বৃত্তিৰ অনলাইন আবেদনৰ নামত  প্ৰতি গৰাকী শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ  কৰিছে ৩০০টকাকৈ।আজি দেওবাৰ বিদ্যালয় বন্ধৰ দিনতো আবেদনৰ নামত মুকলিকৈ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক আৰু সভাপতিৰ বিৰুদ্ধে।বিদ্যালয় বন্ধৰ দিনত ছাত্ৰ বৃত্তিৰ ধনৰ আবেদনৰ নামত ছাত্র-ছাত্ৰীৰ পৰা তিনিশ টকাকৈ সংগ্ৰহ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি একাংশ সচেতন ৰাইজে বাধা প্ৰদান কৰাত পৰবৰ্তী সময়ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল মজিদৰ ঘৰত বহি এইদৰে অনলাইন কাম কৰে।ইফালে সাংবাদিকৰ ওমান পায় প্ৰধান শিক্ষক ছমিৰ উদ্দিন পলাই পতং দিয়ে।স্থানীয় ৰাইজে এনে প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে উৰ্দ্ধতম কতৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহব্বান জনায়।এই ক্ষেত্ৰত উৰ্দ্ধতম কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব।

No comments