গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ২৬ ডিচেম্বৰ : মানুহৰ ইচ্ছাশক্তি যেতিয়া প্ৰৱল হয়, লক্ষ্য যেতিয়া স্থিৰ হয়, সাফল্য অনিবাৰ্য। তাকে প্ৰমাণ কৰি দেখুৱাল...
গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ২৬ ডিচেম্বৰ : মানুহৰ ইচ্ছাশক্তি যেতিয়া প্ৰৱল হয়, লক্ষ্য যেতিয়া স্থিৰ হয়, সাফল্য অনিবাৰ্য। তাকে প্ৰমাণ কৰি দেখুৱালে চাহ জনগোষ্ঠীয় এগৰাকী ছাত্ৰী দীপাৱলী কুৰ্মীয়ে। ডিব্ৰুগড় জিলাৰ চেচাঁ চাহ বাগিচাৰ স্থায়ী শ্ৰমিক জিতেন কুৰ্মি আৰু ক্ষুদ্ৰ চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক আলমণি কুৰ্মিৰ জীয়ৰী আৰু লাহোৱাল প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সম্পাদক লক্ষিন্দ্ৰ কুৰ্মিৰ ভগ্নী দীপাৱলী আছিল ২০১৫ বৰ্ষত কানৈ মহাবিদ্যালয়ৰ পৰা নৃতত্ব বিষয়ক সন্মান বিষয় হিচাপে লৈ ৮৭. ০৭ শতাংশ নম্বৰসহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক। ১৯৯৫ চনৰ ৩১ জানুৱাৰীত জন্মগ্ৰহণ কৰা দীপাৱলীয়ে খামটি গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ২০০৪ বৰ্ষত জকাই উচ্চ মাধ্যমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীত নাম ভৰ্তি কৰি ২০১০ বৰ্ষত তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ২০১২ বৰ্ষত জ্ঞান - বিজ্ঞান একাডেমীৰ পৰা আটাইকেইটা বিষয়তে লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। উল্লেখ্য যে, ২০১৭ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ব বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী সময়ত UGC ৰ NET - JRF ৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত দীপাৱলী কুৰ্মিৰ লগতে লাহোৱাল সমষ্টিৰ বকুল মাজগাঁৱৰ পৰিস্মিতা দিহিঙ্গীয়াই সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ লাহোৱাল সমষ্টিৰ লগতে ডিব্ৰুগড়বাসীক গৌৰৱান্বিত কৰিছে। দুইগৰাকী মেধাৱী ছাত্ৰীলৈ লাহোৱাল প্ৰেছ ক্লাৱৰ তৰফৰপৰা আন্তৰিক অভিনন্দন তথা হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে আৰু দুইগৰাকী মেধাৱী ছাত্ৰীকে লাহোৱাল প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব বুলি প্ৰেছ ক্লাৱৰ সভাপতি মুক্তামণি হাজৰিকাই জনাইছে।
No comments