Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দিল্লীৰ কৃষক আন্দোলনক সমৰ্থন অসম চিভিল ছ’চাইটিৰ

অসমৰ জাতি-জনগোষ্ঠীক লগত লৈ সমাজখন আগবঢ়াই নিব লাগিবঃ আবচাৰ হাজৰিকা ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ডিচেম্বৰ :  অসমৰ জাতি-জনগোষ্ঠীসমূহক লগত লৈ কি...

অসমৰ জাতি-জনগোষ্ঠীক লগত লৈ সমাজখন আগবঢ়াই নিব লাগিবঃ আবচাৰ হাজৰিকা


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ডিচেম্বৰ :  অসমৰ জাতি-জনগোষ্ঠীসমূহক লগত লৈ কিদৰে আগবাঢ়ি যাব পৰা যায় তাক লৈ অসম চিভিল ছ’চাইটীৰ কনভেনৰ কমিটীৰ এখন বৈঠক গুৱাহাটী মহানগৰীত আজি অনুষ্ঠিত হৈ যায়। এই বৈঠকত অসমৰ নিপীড়িত, নিষ্পেষিত জাতি-জনগোষ্ঠীসমূহক উন্নতিৰ পথেৰে কিদৰে আগুৱাই লৈ যাব পৰা যায় তাক লৈ বিশদভাৱে আলোচনা হয়। ইয়াৰ উপৰি এই ছ’চাইটীৰ সংবিধান, সাংগঠনিক দিশ আৰু কাৰ্যপ্ৰণালীৰ বিষয়েও আলোচনা হয়। এই বৈঠকত সভাপতিত্ব কৰে অসম চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন আয়ুক্ত সচিব মাহতাবউদ্দিন আহমেদে। বৈঠকত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় এই ছ’চাইটীৰ অন্যতম আহবায়ক ছাহজাহান তালুকদাৰে। তেওঁ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই কয় যে ৰাজনীতিবিদসকল ৰাজনৈতিক ক্ষেত্ৰখনতেই ব্ৰতী হৈ আছে। সমাজৰ বাবে তেওঁলোকে বিশেষ চিন্তা কৰাৰ পৰা বিৰত আছে। ইমানেই নহয়, অসমৰ মূধাফুটা লোকসকলেও সমাজ গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তেওঁ স্বৰাজোত্তৰ কালৰ ৰাজনৈতিক নেতা বিশেষকৈ মঃ তৈয়বউল্লাহ, চৈয়দ চাদুল্লা, ফখৰুদ্দিন আলী আহমেদ, গোলাম ওচমানী, আতাউৰ ৰহমানে সমাজ গঠনত কিদৰে ভূমিকা আগবঢ়াইছিল এই সম্পৰ্কে বিশ¸দভাৱে বৰ্ণনা কৰে আজিৰ বৈঠকত।


সেই সময়ৰ ৰাজনৈতিক নেতাসকলে ৰাজনীতিৰ ঊধৰ্বত সমাজ গঠনৰ বাবে সকলো ধৰণৰ কাৰ্য কৰিছিল। কিন্তু তাৰ বিপৰীতে এতিয়াৰ ৰাজনৈতিক নেতাসকল ৰাজনৈতিক ক্ষেত্ৰখনতেই আবদ্ধ হৈ ৰৈছে। আনহাতে এই চিভিল ছ’চাইটীৰ মুখ্য আহবায়ক তথা প্ৰাক্তন উপায়ুক্ত আফচাৰ হাজৰিকাই ভাষণ আগবঢ়াই কয় যে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীক লগত লৈ সমাজখন সঠিক দিশেৰে আগবঢ়াই নিয়াৰ অতিকে প্ৰয়োজন হৈ পৰিছে। ইয়াৰ উপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে বৰাক-ব্ৰহ্মপুত্ৰ, উজনি-নামনিৰ সকলো নিপীড়িত লোকৰ সৰ্বাংগীণ উন্নতিৰ বাবে আগবাঢ়ি অহাটো উচিত। তেওঁলোকৰ হকে কাম কৰি যাব লাগে। যাতে সুস্থ, সবল এখন সমাজ গঠন হয়। একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নানে ভাষণ প্ৰসংগত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে অসমৰ ভৱিষ্যৎ আগন্তুক কালত অধিক ভয়ংকৰ অৱস্থাৰ মুখামুখি হ’ব। যাতে অসমে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি নহয় তাৰ বাবে আমাৰ বহু কৰণীয় কাম আছে। সেইসমূহ কৰিব লাগিব। 



ৰাজধানী দিল্লীত কৃষকসকলে চলাই থকা আন্দোলনলৈ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আন্দোলনৰ প্ৰতি তেওঁলোকৰ পূৰ্ণ সমৰ্থন আছে। আনহাতে এইচআইভি কনট্ৰ’ল ছ’চাইটীৰ অন্যতম তথা অসম ইমদাদিয়া হাস্পতালৰ সম্পাদক ডাঃ চৈয়দ ইফটিকাৰ আহমেদে ভাষণ প্ৰসংগত কয় যে এনেধৰণৰ সচেতনতামূলক সভা কেতিয়াবাই আৰম্ভ কৰিব লাগিছিল। পলম হ’ল যদিও অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলক লগত লৈ সমন্বয় আৰু সচেতনতামূলক সভাৰ আয়োজন কৰিব লাগিব। 

আজিৰ বৈঠকত উপস্থিত থাকে বিশিষ্ট লেখক ডাঃ ৰেজাউল কৰিম, সমাজকৰ্মী মাচাদ্দুৰ হুছেইন, অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া ইমৰান হুছেইন খন্দকাৰ,  প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ,অসম চিভিল ছ’চাইটীৰ অন্যতম আহবায়কদ্বয় আফ্ৰিদা হুছেইন, অধিবক্তা আব্দুচ চবুৰ তাপাদাৰ, এন ই এফ ল কলেজৰ সঞ্চালৰ ডাঃ জাকিৰ হুছেইন, অসম মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তফিকুৰ ৰহমান বৰবৰা, বিশিষ্টা সমাজকৰ্মী ড০ শ্বাহনাজ ৰহমান, মাইনৰিটী ৱেলফেয়াৰ ছ’চাইটীৰ নেতা তথা বিশিষ্ট সমাজকৰ্মী আব্দুল ৱাৰিচ চৌধুৰী আৰু এহচান হাজৰিকা, মেহিদ আলম বৰা, তেওঁলোক বৈঠকত উপস্থিত থকাৰ লগতে নিজৰ বহুমূলীয়া বক্তব্যও আগবঢ়ায়।

No comments