গণ বাৰ্তা কাকজান ২২ ডিচেম্বৰ : নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ নৱনিৰ্বাচিত সভাপতি লুৰিন জ্যোতি গগৈয়ে আজি সেৱা লয় অসমৰ ঐতিহ্যমণ্ডি...
গণ বাৰ্তা কাকজান ২২ ডিচেম্বৰ : নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ নৱনিৰ্বাচিত সভাপতি লুৰিন জ্যোতি গগৈয়ে আজি সেৱা লয় অসমৰ ঐতিহ্যমণ্ডিত মাহাপুৰষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰ আৰু হোলোঙাপাৰ স্থিত লাচিত বৰফুকনৰ মৈদামত ৷ যোৰহাট জিলাৰ গুৰুত্বপূৰ্ণ ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ সীমামূৰীয়া জাঁজী দলঙৰ পৰা এক বৃহৎ বাইক ৰেলীৰে আদৰি আনে নৱ নিৰ্বাচিত সভাপতি জনক টীয়কীয়া ৰাইজে। টীয়ক নগৰৰ মাজমজীয়াতে অনুষ্ঠিত হোৱা সৰ্মধনা অনুষ্ঠানত বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষ সভাপতি জনক উষ্ম আদৰণি জনাই৷ইফালে সাংবাদিকৰ লগত হোৱা কথা বতৰাত নেতাজনে লাচিত বৰফুকনৰ আদৰ্শই অসম জাতীয় পৰিষদৰ আদৰ্শ হ’ব বুলি মতপোষণ । লগতে অনাগত সময়ত বিভিন্ন দলৰ বহু নেতাই অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনাৰ উমান দিয়ে ৷
No comments