Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন; নগাঁও জিলাৰ ১০ পৰাষদীয় সমষ্টিৰ আটাইকেইটাতে বিজেপি প্ৰাৰ্থীৰ বিজয় সাব্যস্ত; মুখ থেকেচা খালে কংগ্ৰেছ-অগপ

  ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১৯ ডিচেম্বৰঃ নগাঁও জিলাৰ অন্তৰ্গত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ দহ পৰিষদীয় সমষ্টিৰ আটাই কেইটাতেই শাসকীয় বিজেপি...

 


ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১৯ ডিচেম্বৰঃ নগাঁও জিলাৰ অন্তৰ্গত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ দহ পৰিষদীয় সমষ্টিৰ আটাই কেইটাতেই শাসকীয় বিজেপি দলে বিজয়ৰ পতাকা উৰুৱাবলৈ সক্ষম হয়। এইদৰে ১০-শূণ্যৰ ঈৰ্ষণীয় বিজয় ধ্বজা উৰুৱালে শাসকীয় বিজেপি দলে। ইয়াৰ বিপৰীতে প্ৰকাণ্ড শূণ্য লৈয়েই সন্তুষ্ট থাকিবলগীয়া হয় বিৰোধী দল কংগ্ৰেছ। আনহাতে, দলীয় শীৰ্ষ নেতৃত্বৰ নিৰ্দেশকো উপেক্ষা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজা সমষ্টি বঢ়মপুৰৰ দুই পৰিষদীয় সমষ্টিত অগপৰ প্ৰাৰ্থী ঠিয় কৰাই বেয়াকৈ মুখ থেকেচা খাব লগীয়া হয়। তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ আজি ঘোষিত ফলাফল অনুসৰি, নগাঁও জিলাৰ ২০ নম্বৰ বাৰপূজীয়া পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কমল বৰদলৈ বিজয়ী হৈছে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ অচ্যুত ৰাজখোৱাক ৭২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজেপি দলৰ বিজয়ী প্ৰাৰ্থী বৰদলৈয়ে ২৩৪৫ টা আৰু কংগ্ৰেছৰ বিজিত প্ৰাৰ্থী ৰাজখোৱাই ২২৭৩ টা ভোট লাভ কৰে। আনহাতে,২১ নম্বৰ টোপাকুছী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী সৰোজ বৰদলৈ বিজয়ী হৈছে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী ইৰামণি বৰদলৈক ৪৬৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী প্ৰাৰ্থী কোঁৱৰে ২৭৭৭টা ভোক লাভ কৰাৰ বিপৰীতে বৰদলৈয়ে লাভ কৰে ২৩০৮টা ভোট। ২২নম্বৰ পুখুৰী পাৰ সমষ্টিটো বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰ বিজয়ী হৈছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ ৰূপামণি শইকীয়া ডেকাক ২৩১৮টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজেপি দলৰ বিজয়ী প্ৰাৰ্থী পাটৰে ৩৬৫৩ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ বিজিত প্ৰাৰ্থী ডেকাই ১৩৩৫টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়। ২৪নম্বৰ জোঙাল বলহু সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰণৱ জ্যোতি মছৰং বিজয়ী হৈছে। তেওঁ কংগ্ৰেছ দলৰ নিকটতম প্ৰতিদ্বন্দ্বী মুকুট কুমাৰ কোঁৱৰক ৯৫২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী প্ৰাৰ্থী মচৰঙে ৩১৬৪  টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্ৰাৰ্থী কংগ্ৰেছৰ কোঁৱৰে ২২১২ টা ভোট লাভ কৰে। আনহাতে, ২৫নম্বৰ চহৰী পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী মোহন সেনাপতিয়ে বিজয় সাব্যস্ত কৰে। তেওঁ নিকটৱৰ্তী প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী দ্বীপেন কোঁৱৰক ৭৩৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী প্ৰাৰ্থী সেনাপতিয়ে ২৯১১টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্ৰাৰ্থী নিৰ্দলীয়ৰ কোঁৱৰে ২১৭২টা ভোট লাভ কৰে। জিলা খনৰ ২৮ নম্বৰ লুটুমাৰী সমষ্টিতো বিজেপিৰ প্ৰাৰ্থী বিতু বৰদলৈ বিজয়ী হয়। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী বিনন্দ বৰদলৈক ৯৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজেপিৰ বিতু বৰদলৈয়ে ১০৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্ৰাৰ্থী নিৰ্দলীয়ৰ বিনন্দ বৰদলৈয়ে ৯৬২ টা ভোট লাভ কৰে।২৯ নম্বৰ কমাৰগাঁও পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী অজিত পাটৰ বিজয়ী হয়। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ নিহা ডেকাৰজাক ১৬১৫  টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী প্ৰাৰ্থী বিজেপিৰ পাটৰে ৩১৫১  টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্ৰাৰ্থী কংগ্ৰেছৰ ডেকাৰজাই ১৫৩৬  টা ভোট লাভ কৰে। ৩০ নম্বৰ নামবৰ লালুংগাঁও পৰিষদীয় সমষ্টিত বিজেপিৰ ইন্দ্ৰ বৰদলৈয়ে বিজয় সাব্যস্ত কৰে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ শুক্লেশ্বৰী বৰদলৈক ৫৩৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ইন্দ্ৰ বৰদলৈয়ে ১৭০০টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্ৰাৰ্থী কংগ্ৰেছৰ শুক্লেশ্বৰী বৰদলৈয়ে লাভ কৰে ১১৬৪টা ভোট। আনহাতে,৩১নম্বৰ নামবৰ লালুংগাঁও পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী মদন বৰদলৈ বিজয়ী হৈছে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী অগপ দলৰ নগেন বৰদলৈক ১১৫৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী প্ৰাৰ্থী মদন বৰদলৈয়ে ২৭৫১টা ভোট লাভ কৰাৰ বিপৰীতে পৰাজিত প্ৰাৰ্থী অগপৰ নগেন বৰদলৈয়ে লাভ কৰে ১৫৯৭টা ভোট।

No comments