গণবাৰ্তা বিশেষ,মুকালমুৱা ,১৫ ডিচেম্বৰ:-অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন 'দ্য ড্ৰিমাৰ্চ ক্লাৱে" গুৱাহাটী মহানগৰীৰ একাংশ দৰিদ্ৰ শ্ৰেণ...
গণবাৰ্তা বিশেষ,মুকালমুৱা ,১৫ ডিচেম্বৰ:-অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন 'দ্য ড্ৰিমাৰ্চ ক্লাৱে" গুৱাহাটী মহানগৰীৰ একাংশ দৰিদ্ৰ শ্ৰেণীৰ লোকলৈ আগবঢ়াইছে সহায়ৰ হাত।কালি গুৱাহাটীত সংস্থাটোৱে এক 'বস্ত্ৰ বিতৰণ" কাৰ্যসূচী ৰূপায়ণ কৰে।শীতৰ এই হাড় কঁপোৱা ঠাণ্ডাত দৰিদ্ৰতাৰ বলি হৈ প্ৰয়োজনীয় কাপোৰ পৰিধানৰ পৰা বঞ্চিত হোৱা ভুক্তভোগীসৱলৈ সংগঠনটোৱে আগবঢ়াই ভিন্ন ৰঙী উন্নত মানৰ কাপোৰ। মহানগৰীৰ ৰে'ল ষ্টেচন,ফুটপাথ,পদপথ আদিত অনাহাৰ -অনিদ্ৰাৰে দিন কটোৱা সহস্ৰাধিক লোকক এই কাৰ্যসূচীৰ জড়িয়তে যথেষ্ট সকাহ দিয়ে সংস্থাটোৰ কৰ্মকৰ্তা সকলে।
একাংশ উদীয়মান যুৱক যুৱতীৰে সংগঠিত 'দ্য ড্ৰিমাৰ্চ ক্লাৱ"ৰ উক্ত বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে, যুৱ সমাজ সেৱক শান্তনু কলিতা, অভিনেতা নিলীম দত্ত প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।উল্লেখ্য যে- বৰক্ষেত্ৰীত জন্মলাভ কৰা দ্য ড্ৰিমাৰ্চ ক্লাৱে বিগত কঠোৰ তলাবন্ধৰ সময়ছোৱাতো দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মাজত কেতবোৰ খাদ্যসামগ্ৰী বিতৰণ কৰাৰ উপৰি বানাক্ৰান্ত,ৰোগাক্ৰান্ত,তথা দুখীয়া ছাত্ৰ-ছাত্ৰী সকলকো ভিন্ন প্ৰকাৰে সহায় আগবঢ়াইছিল।ইতিমধ্যে ব্যাপক সমাদৰ লাভ কৰা সংস্থাটোৰ এনে কল্যানমূলক পদক্ষেপক লৈ সন্তোষ প্ৰকাশ কৰিছে ৰাইজে।
No comments