Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বঙাইগাঁৱত আছুৰ গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ

  বঙাইগাঁও, ১২ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন(কা) ২০১৯ বাতিলৰ দাবীত তথা ' কা'  আন্দোলনত ৫ গৰাকীকৈ নিৰপৰাধী ব্যক্তিৰ হত্যাকাণ্ডৰ ন্য...

 


বঙাইগাঁও, ১২ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন(কা) ২০১৯ বাতিলৰ দাবীত তথা ' কা'  আন্দোলনত ৫ গৰাকীকৈ নিৰপৰাধী ব্যক্তিৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱন প্ৰাংগণত ৰূপায়ণ কৰা গণ হুংকাৰ কাৰ্যসূচীৰ আৰম্ভণিতে 'কা' বিৰোধী আন্দোলনৰ পাঁচগৰাকী শ্বহীদ ক্ৰমে চেম ষ্টেফৰ্ড , দীপাঞ্জল দাস ,ঈশ্বৰ নায়াক,আব্দুল আলিম আৰু দ্বীজেন্দ্ৰ পাংগিঙক প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰি শ্বহীদকেইগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ বন্তি প্ৰজ্বলন কৰে বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ , বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী হৰেশ্বৰ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায় , আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিলোৎপল চক্ৰৱৰ্তী আৰু প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক পুলেন ৰাজবংশীয়ে ৷ ইয়াৰ পিচতে সকলোৱে শ্বহীদকেইগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় ৷ গণ হুংকাৰ কাৰ্যসূচীত আছুকৰ্মীসকলে কৰ্মী ডবা ,নাগাৰা , তাল ,ঢোল আদি থলুৱা বাদ্য বজাই তথা বিভিন্ন শ্লোগান দি 'কা' বাতিলৰ দাবীত গণ হুংকাৰ দি প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ আছুকৰ্মীসকলে 'কা' আমি নামানো , কেন্দ্ৰীয় চৰকাৰ হায় হায় ,অসম চৰকাৰ হায় হায় , সৰ্বানন্দ সোনোৱালৰ লাজ নাই ,সৰ্বানন্দ সোনোৱাল লেইলেই চেইচেই , হিমন্ত বিশ্ব শৰ্মা নিলাজ, নৰেন্দ্ৰ মোডী নিলাজ ,বিজেপি চৰকাৰ হায় হায় ,বিজেপি চৰকাৰ গ' বেক, সোৰ্বানন্দ সোনোৱাল গ'বেক, কা বাতিল কৰিবই লাগিব , ছাত্ৰ শক্তি জিন্দাবাদ , জয় আই অসম আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷এই গণ হুংকাৰ কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ , হৰেশ্বৰ দাস , বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাস , আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায় , বঙাইগাঁও জিলা আছুৰ সভাপতি যিনোদ নাথ আদিয়ে 'কা' বাতিলৰ দাবীত বক্তব্য ৰখাৰ এই আইনখনে অসমীয়া জাতিক ধ্বংস কৰিব বুলিও কয় ৷

লগতে এই জাতিধ্বংসী আইনখন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব লাগিব বুলিও কয় ৷ ইপিনে জিলা আছুৰ সভাপতি যিনোদ নাথে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আমি বঙাইগাঁও জিলা ছাত্ৰ সন্থাইও বিগত ২০১৯ চনত যি 'কা' বিৰোধী আন্দোলন আৰম্ভ কৰিছিলো পুনৰ আৰম্ভ কৰিছো ৷ এই 'কা' আন্দোলনত আমিযি পাঁচগৰাকী ছাত্ৰত হেৰুৱালো তেওঁলোকক আজি শ্ৰদ্ধৰাৰে সোঁৱৰিছো ৷ এই আন্দোলন পৰৱৰ্তী সময়ত আগবাঢ়ি যাব ৷কৰোনা মহামাৰী চলি থকা বাবে আমি সীমিত সংখ্যক কৰ্মীৰে কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ কিন্তু যিদিনাখনলৈ 'কা' বাতিল নহ'ব ,সিদিনাখনলৈ আমাৰ আন্দোলন চলি থাকিব ৷ লগতে অনাগত দিনত ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও কয় ৷

জিলা আছুৰ সভাপতিগৰাকীয়ে প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়াই দি  কয় যে বিজেপি চৰকাৰে কৌশলগতভাৱে যিধৰণে অসমৰ ৰাইজৰ ওপৰত কা জাপি দিব ওলাইছে তাক আমি কেন্দ্ৰীয় চৰকাৰখনৰ লগতে অসমৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ধিক্কাৰ দিছো ৷ কথা হ'ল যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্যত ইনাৰ লাইন পাৰ্মিট আছে সেইকেইক্ষন ৰাজ্যৰ কাৰণে যদি বেয়া হয়, একেখন আইনে যদি ষষ্ঠ অনুসূচীৰ এলেকাৰ বাবে বেয়া হয় ,তেতিহলে অসমৰ ছয়খন জিলাক বাদ দি বাকীকেইখন জিলাৰ বাবে কেনেকৈ ভাল হ'ব আমাক সৰ্বানন্দ সোনোৱালে উত্তৰটো দিয়ক ৷ অসমৰ সমস্যাসমূহ অসম চুক্তিৰ আধাৰতে সমাধান হ'ব লাগিব আৰু আমাৰ স্পষ্ট কথা 'কা' আমি নামানো নামানো নামানো ৷ গণ হুংকাৰ কাৰ্যসূচীত জিলা আছুৰ সাধাৰণ সম্পাদক জ্যোতিশংকৰ চৌধুৰী ,বঙাইগাঁও আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায় , সাধাৰণ সম্পাদক জগদ্বীশ ৰায় আদিকে ধৰি বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু কৰ্মীসকলে অংশ গ্ৰহণ কৰে ৷

No comments