গণবাৰ্তা আজাৰা, ১৪ ডেচেম্বৰ: সদৌ অসম বয়ন সমবায় সমন্বয়ৰক্ষী সন্থাৰ কামৰূপ জিলা বয়ন সমবায় সমন্বয়ৰক্ষী সন্থাৰ সাধাৰণ সভাখন মহানগৰৰীৰ আমবাৰীস্থ...
গণবাৰ্তা আজাৰা, ১৪ ডেচেম্বৰ: সদৌ অসম বয়ন সমবায় সমন্বয়ৰক্ষী সন্থাৰ কামৰূপ জিলা বয়ন সমবায় সমন্বয়ৰক্ষী সন্থাৰ সাধাৰণ সভাখন মহানগৰৰীৰ আমবাৰীস্থিত ব্ৰহ্মপুত্ৰ সমবায়ৰ সভাগৃহত যোৱা ১৩ ডিচেম্বৰত অনুষ্ঠিত হয়। ৰাজ্যিক সদস্যা হেমলতা কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত জিলা সম্পাদক পবিত্ৰ ডেকাৰ লগতে কামৰূপ জিলাৰ প্ৰায় ৪২ খন সমবায় সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত চন্দ্ৰমোহন কলিতাক সভাপতি, নিজৰা কলিতাক সহকাৰী সম্পাদিকা হিচাপে লৈ এখন ২১ জনীয়া কামৰূপ জিলা বয়ন সমবায় সমন্বয়ৰক্ষী সমিতিখন পুনৰ গঠন কৰা হয়। সভাই অহা ২৩ ডিচেম্বৰত সদৌ অসম বয়ন সমবায় সমন্বৰক্ষী সন্থাৰ ৰাজ্যিক সভাপতি তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিতিত মহানগৰীতে এখন অভিবৰ্তন অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
No comments